কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ছিদ্দাৰামাইয়াৰ; উপস্থিত ৰাহুল-প্ৰিয়ংকা

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত সিদ্দাৰামাইয়া। শনিবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সিদ্দাৰমাইয়াই। ডি কে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান। এইবাৰকে ধৰি সিদ্দাৰামাইয়া দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ চকীত বহিল।

শনিবাৰে কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলটে নতুন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক শপত গ্ৰহণ কৰোৱায়। ইয়াৰ পূৰ্বে ২০১৩ চনত তেওঁ এই ষ্টেডিয়ামত শপত গ্ৰহণ কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও উপস্থিত থাকে। কিন্তু শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ছোনিয়া গান্ধীয়ে।

লগতে পঢ়ক: কি আছে! ছ’চিয়েল মিডিয়াত ভাইৰেল ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ পুৰণি ভিডিঅ’

আজি বেংগালুৰুত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া আৰু  উপ-মুখ্যমন্ত্ৰী হিচাপে ডি কে শিৱকুমাৰৰ শপতগ্ৰহণৰ পূৰ্বে কংগ্ৰেছে ৰাজ্যৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা বিধায়কৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। সেইমতে নতুন মন্ত্ৰীসকল হ’ল-

এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে হ’ল শপত গ্ৰহণ কৰা দলটোৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক আমন্ত্ৰণ জনাইছে। নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লা আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনকো নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: ৫৮ বছৰ বয়সত অষ্টম সন্তানৰ পিতৃ হ’বলৈ ওলাইছে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাঁচ দিনৰ পাছত কংগ্ৰেছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে। দক্ষিণৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছে সিদ্দাৰমাইয়া। ডি কে শিৱকুমাৰ উপ-মুখ্যমন্ত্ৰী। কংগ্ৰেছে এই কথা বৃহস্পতিবাৰে ঘোষণা কৰিছিল।  ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ ওলাইছে সিদ্দাৰমাইয়া। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে।