NORTHEAST NOW (Assamese)

স্বামী লিপ্ত হৈছে নেকি পৰকীয়া প্ৰেমত? কিদৰে গ’ম পাব স্বামীৰ গোপন অভিসাৰৰ কথা

April 19, 2023 10:00 am · এন ই নাও নিউজ, গুৱাহাটী

সম্পৰ্ক সদায় একে গতিত নাথাকে। কেতিয়াবা আপোনালোক দুয়োৰে সংসাৰৰ মাজলৈ কাল অমানিশা হৈ নামি আহিব পাৰে তৃতীয় এজন ব্যক্তি। তেতিয়াই আৰম্ভ হ’ব পাৰে দৈনন্দিন কাজিয়া, অশান্তি।

সম্পৰ্কৰ এই তিক্ততাৰ আঁৰৰ কাৰণ প্ৰায়ে দুজন মানুহৰ মাজত তৃতীয় ব্যক্তিৰ প্ৰৱেশেই হয়। কিন্তু সংগীৰ জীৱনলৈ নতুন কোনোবা আহিছে নেকি সেই কথাৰ জনাৰ উপায় বিচাৰি হাবাথুৰি খাব লগা হয় পত্নীসকল।

কিন্তু ছিডনীৰ এগৰাকী যৌনকৰ্মীয় আগবঢ়াইছে এনে কেইটামান উপায়, যিকেইটা উপায় অৱলম্বন কৰি আপুনিও জানিব পাৰিব আপোনাৰ স্বামীৰ জীৱনলৈ আহিছে নেকি আন কোনো গোপন নাৰী

আমাণ্ডা হৈছে ছিডনীৰ এগৰাকী ৪৫ বছৰীয়া অভিজ্ঞ যৌনকৰ্মী। ৩০ বছৰ বয়সৰ পৰাই তেওঁ এই বৃত্তিত জড়িত হৈ আছে। কেতিয়াবা ভিডিঅ’ৰ জৰিয়তে তেওঁ নিজৰ কৰ্ম অভিজ্ঞতা ব্যক্ত কৰে।

শেহতীয়াকৈ আমাণ্ডাই কয় যে স্বামী এজন বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত নে নহয় সেইটো বুজিবলৈ কেইটামান উপায় আছে।

আমাণ্ডাই কয় যে যদি স্বামী মাজত হঠাতে কিছুমান পৰিৱৰ্তন লক্ষ্য কৰে, তেন্তে সেইবোৰ এৰাই চলাতকৈ গুৰুত্বসহকাৰে লোৱা উচিত।

আমাণ্ডাই স্বামীয়ে সঘনাই মিছা কথা কৈছে নেকি লক্ষ্য কৰিবলৈ কয়। যদি তেওঁ সঘনাই মিছা কোৱা আৰম্ভ কৰিছে তেন্তে এয়া ভাল লক্ষণ নহয়। 

সম্পৰ্কত প্ৰেমৰ সংজ্ঞা বেলেগ। বিবাহিত জীৱনত ইজনে সিজনৰ লগত সময় কটোৱাটো অতি গুৰুত্বপূৰ্ণ। সেইটোৱেই হৈছে সম্পৰ্কৰ ভেটি। এই ৰসায়ন যদি অলপ সলনি হয় যেতিয়া নতুন সম্পৰ্ক গঢ় লৈ উঠে। আনকি পত্নীৰ লগত শাৰীৰিক সম্পৰ্কতো অনিচ্ছা জাগ্ৰত হ’ব পাৰে। এনে হ’লে পত্নীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত। 

শেহতীয়াকৈ সংগীজন বেছি ব্যস্ত নেকি? আনকি বন্ধৰ দিনতো? আনকি ঘৰলৈ উভতি আহিয়েই কেৱল ফোনত চকু? আমাণ্ডাৰ মতে এনেকৈ চলি থাকিলে অলপ সাৱধান হোৱাটো প্ৰয়োজন।

কিন্তু আমাণ্ডাই কয় যে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সংগীজনৰ লগত ভালকৈ কথা পতা উচিত বা তেখেতক বুজিবলৈ চেষ্টা কৰা উচিত।

Related News