খাদ্য আৰু কৃষি সংস্থাৰ ‘ভৱিষ্য নীতি বঁটা’ৰ বাবে নিৰ্বাচিত ছিকিম

proxy.duckduckgo.com

জৈৱিক কৃষিক উদগনি দিয়াৰ বাবে ছিকিমে কৰি অহা প্ৰচেষ্টাৰ বাবে ৰাজ্যখনলৈ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ (FAO) বঁটাৰ বাবে শ্বৰ্টলিষ্টেড কৰিছে।  উল্লেখ্য যে সংস্থাটোৱে বিশ্বৰ সৰ্বোত্তম কৃষি-পাৰিপাৰ্ষিক পদক্ষেপক সদায় স্বীকৃতি আৰু পুৰস্কৃত কৰি আহিছে।

জৈলিক কৃষিৰে কোনো অনিষ্টকাৰী ৰাসায়নিক সাৰ অবিহনে প্ৰাকৃতিকভাৱে খাদ্য উৎপাদন স্থানীয়, ৰাষ্ট্ৰীয় অথবা আন্তৰ্জাতিক পৰ্যায়ত ভাল উদাহৰণ দাঙি ধৰাৰ স্বীকৃতি হিচাপে খাদ্য আৰু কৃষি সংস্থাই  ‘ভৱিষ্য নীতি বঁটা’ প্ৰদান কৰি আহিছে।

এই বছৰৰ ভৱিষ্য নীতি বঁটাৰ বাবে খাদ্য আৰু কৃষি সংস্থাই ২৫খন ৰাষ্ট্ৰৰ পৰা কৃষি-পাৰিপাৰ্ষিক আৰু জৈৱিক উৎপাদন, জৈৱিক কাৰ্য পৰিকল্পনা নীতিক উদগনি দিয়া ৫১টা নীতি নিৰ্বাচন কৰিছে। ইয়াৰ মাজত আছে ব্ৰাজিলৰ কৃষি-পাৰিপাৰ্শিক আৰু জৈৱিক উৎপাদনৰ বাবে জাতীয় নীতি (National Policy for Agroecology and Organic Production), ডেনমাৰ্কৰ জৈৱিক কাৰ্য পৰিকল্পনা : ৱৰ্কিং টুগেডাৰ ফ’ৰ ম’ৰ অৰ্গেনিকছ (Working together for more organics), ছিকিমৰ ‘জৈৱিক কৃষিৰ বাবে ৰাজ্যিক নীতি , ২০১৪ (State Policy on Organic Farming ) আৰু ছিকিম জৈৱিক অভিযান ,২০১০ (Sikkim Organic Mission), ফিলিপাইনছৰ ‘যুদ্ধাস্ত্ৰৰ পৰা পামলৈ কাৰ্যসূচী’ (From Arms to Farms Programme ) আৰু লছ এঞ্জেলিছৰ ভাল খাদ্য ক্ৰয় নীতি, ২০১২ (Good Food Purchasing Policy) ইত্যাদি।

উল্লেখ্য যে জৈৱিক কৃষিক উদগনি দিয়া ভাৰতৰ পৰ্থমখন ৰাজ্য হৈছে ছিকিম। ভাল স্বাস্থ্য আৰু স্বাস্থ্য সন্মত পৰিৱেশৰ বাবে ২০০৩ চনত ছিকিমে ৰাসায়নিক সাৰৰ আমদানি বন্ধ কৰি জৈৱিক সাৰ ব্যৱহাৰ কৰি এই জৈৱ-কৃষিৰ উদ্যোগ গ্ৰহণ কৰিছিল।

ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ প্ৰধান কাৰ্যালয়ত ১২ অক্টোবৰত এই বঁটাৰ বিজয়ী ঘোষণা কৰা হ’ব।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা, বিশ্ব ভৱিষ্য পৰিষদ আৰু আইএফঅ’এম-অৰ্গেনিক ইণ্টাৰনেশ্যনেলে সামূহিকভাৱে আয়োজন প্ৰতিষ্ঠা কৰিছে। সমৰ্থন দিছে গ্ৰিন ক্ৰছ ইণটাৰনেশ্যনেল, ডু-ইট, ডাচ্চ অৰ্গেনিক ইণ্টাৰনেশ্যনেল ট্ৰেড আৰু ইজিপ্তৰ ছেকেম গ্ৰুপে।

কৃষি-পাৰিপাৰ্শিক পদক্ষেপে খাদ্যৰ স্বাস্থ্য সন্মত উৎপাদন, স্বাস্থ্য সন্মত খাদ্যাভ্যাস নিশ্চিত কৰে। লগতে জৈৱ-বৈচিত্ৰৰ ক্ষতি ৰোধ কৰাৰ লগতে স্বাস্থ্য সন্মত আৰু সেউজীয়া পৰিৱেশৰ ধাৰণাটোক উদগনি দিয়ে।