ছিকিম আৰক্ষীয়ে উৎখাত কৰিলে নিচাজাতীয় সামগ্ৰীৰ ঘাটি; এজন যুৱকক গ্ৰেপ্তাৰ

Drugs-570x320-1

প্ৰতিনিধিত্বমূলক চিত্ৰ

ছিকিম আৰক্ষীৰ এক সফলতা। গোপনে বৃহৎ নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলাই অহা ছিকিমৰ ছিংটামত এটা ঘাটি আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ আধাৰতে আৰক্ষীৰ দল এটাই অভিযান চলাই বৃহৎ পৰিমাণৰ টেবলেট, কফ চিৰাপৰ লগতে অন্যান্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে নিচাজাতীয় সামগ্ৰীৰ লগতে উক্ত ব্যৱসায়ৰ বৃহৎ সাম্ৰাজ্য গঢ়া যুৱক এজনকো গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজন যোছেফ ৰাই বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা যোছেফ ৰাই নামৰ যুৱকজনে আৰক্ষীৰ অজ্ঞাতে নিজৰ ঘৰৰ পৰাই নিচাজাতীয় সামগ্ৰীৰ বৃহৎ ব্যৱসায় চলাই আহিছিল। আৰু অৱশেষত আৰক্ষীয়ে এই কথা জানিব পাৰি যুৱকজনৰ বাসগৃহত অভিযান চলাই নিচাজাতীয় সামগ্ৰীৰ ঘাটিতো উৎখাত কৰাৰ লগতে ব্যৱসায়ীজনকো আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি এই লোকজনে দীৰ্ঘদিন ধৰি ছিকিমৰ বিভিন্ন অঞ্চলত চোৰাংভাৱে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাই নিছিল। বৰ্তমান আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ী যোছেফ ৰাইক সোধা-পোচা অব্যাহত ৰাখিছে।