• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমলৈও আহি আছে বন্দে ভাৰত! ৫ ঘণ্টাত আহি পাব গুৱাহাটী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2024 1:28 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

847
VIEWS
Share on FacebookShare on Twitter

এখনৰ পিছত এখনকৈ আৰম্ভ কৰা হৈছে বন্দে ভাৰত ৰে’লৰ যাত্ৰা। দেশজুৰি বিভিন্ন পথত চলি আছে বন্দে ভাৰত। কিন্তু এইবাৰ সেই তালিকাত ছিকিমকো সংযোজন কৰা হ’ব পাৰে। সেৱক-ৰংপো ৰে’লপথ নিৰ্মাণৰ কাম চলি আছে। তাৰ মাজতে এটা ডাঙৰ খবৰ আহিল। এতিয়া বন্দে ভাৰত ছিকিমতো চলিব পাৰে।

ভাৰতৰ অন্যতম ৰে’ল ছেমি হাই স্পীড ভ্যান এইবাৰ ছিকিমতো চলিব। বিভিন্ন অসুবিধাৰ মাজতে সেৱক-ৰংপো ৰেলপথ নিৰ্মাণৰ কাম অব্যাহত আছে। বাৰে বাৰে আহি আছে বিভিন্ন বাধা। তথাপি কাম চলি আছে। অৱশ্যে ছিকিমৰ প্ৰথমটো ৰে’ল ষ্টেচন অহা বছৰ অৰ্থাৎ ২০২৫ চনৰ আগষ্ট মাহত কাৰ্যক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। আৰু তাৰপিছতহে ঢাপে ঢাপে বান্দে ভাৰতৰ শুভাৰম্ভ কৰা হ’ব।

লগতে পঢ়কঃ আকৌ ওলাল টকাৰ পাহাৰ! মন্ত্ৰীৰ সচিবৰ পৰিচাৰকৰ ঘৰৰ পৰা উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা

ছিকিমত পাহাৰীয়া ৰে’লপথ। সুৰক্ষাৰ সকলো নিয়ম মানি কাম চলি আছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে ৰে’লপথটো সুৰংগটোৰ মাজেৰে লৈ যোৱা হ’ব। বাটত কেইবাটাও ষ্টেচন থাকিব। আনহাতে এই ৰে’লপথ মুকলি হ’লে পৰ্যটকৰ বাবে যথেষ্ট সুবিধা হ’ব। কাৰণ বৰ্তমান সময়ত নিউ জলপাইগুৰি, বাগডোগ্ৰা বা শিলিগুৰিলৈ যোৱাৰ পিছত পৰ্যটকসকলে মূলতঃ বাছ বা গাড়ীৰে ছিকিমলৈ যাব লগা হয়। বছৰ বছৰ ধৰি এইদৰেই চলি আহিছে। কিন্তু ছিকিমত ৰে’লপথ মুকলি হ’লেই বৈপ্লৱিক পৰিৱৰ্তন হ’ব।

কাৰণ তেতিয়া ছিকিমৰ সৈতে পোনপটীয়াকৈ উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতলৈ ৰে’ল সংযোগ গঢ়ি তুলিব পৰা যাব। ভাৰতত ৰে’লৱেত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বন্দে ভাৰতে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগৰ ক্ষেত্ৰত বন্দে ভাৰতে একেলগে এক বৈপ্লৱিক পৰিৱৰ্তন আনিব।

যোৱা বছৰ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে ২০২৪ চনৰ ডিচেম্বৰ মাহত ছিকিমত বন্দে ভাৰত আৰম্ভ কৰা হ’ব বুলি কৈছিল। সেৱক-ৰংপো ৰে’লপথৰ কাম-কাজো পৰিদৰ্শন কৰিছিল। সেই সময়ত তেওঁ কাম দেখাৰ পিছত সন্তুষ্টি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত কমেও ১৪টা সুৰংগ আছে। ১৭খন দলং এই প্ৰকল্পৰ অধীনত আছে। খবৰ মতে নাথুলাৰ সৈতেও এই পথেৰে সংযোগ ৰক্ষা কৰিব পৰা যাব।

লগতে পঢ়কঃ টাইটানিক চিনেমাৰ কেপ্তেইন স্মিথ, লৰ্ড অৱ দ্য ৰিংছৰ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান

অৱশ্যে বিভিন্ন কাৰণত এই প্ৰকল্পটোত কিছু সময় লাগিছে। মূলতঃ প্ৰাকৃতিক প্ৰতিকূলতাৰ মাজত কাম কৰিবলগীয়া হৈছে। ইপিনে সকলো ঠিকে থাকিলে বন্দে ভাৰতত ছিকিমৰ পৰা গুৱাহাটীলৈ যাবলৈ মাত্ৰ ৫ ঘণ্টা সময় লাগিব। সম্প্ৰতি এনজেপিৰ পৰা গুৱাহাটীলৈ যায় বন্দে ভাৰত। সময় লাগে চাৰে ৫ ঘণ্টা। কিন্তু এইবাৰ ছিকিম, পশ্চিমবংগ আৰু অসমৰ বাবে নতুন আশাৰ সঞ্চাৰ হৈছে। 

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd