‘মই অসমীয়া’ বুলি টেঁটু ফালি থাকিলেও শিলাদিত্য দেব অসমীয়া নহয় : অসম সংগ্ৰামী মঞ্চ

Siladitya Deb thinks of opening 'counter' near Rajiv Bhawan in Guwahati

শিলাদিত্য দেবৰ ফাইল ছবি।

বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবে নিজকে অসমীয়া বুলি জাহিৰ কৰিব বিচাৰিলেও তেওঁক অসমীয়া বুলি কোনোপধ্যেই মানি নলয় অসম সংগ্ৰামী মঞ্চই।

শনিবাৰে দলটোৱে গুৱাহাটীত এখন সংবাদমেলত এই কথা স্পষ্ট কৰি দিছে। সংবাদমেলত দলৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই কয়, “শিলাদিত্য দেবে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ যিয়ে নকৰক কিয় তেওঁ অসমীয়া হ’ব নোৱাৰে। তেওঁ ৰামদেবৰ পৰা যোগ শিকি আহি বিভিন্ন ধৰণৰ যোগাসন কৰি ‘মই অসমীয়া’ বুলি পৰিচয় দি থাকিলেও আমি তেওঁক অসমীয়া বুলি মানি নলওঁ।”

ইয়াৰ বিপৰীতে শিলাদিত্য দেবক অসমীয়া জাতিদ্ৰোহী আখ্যা দিছে অসম সংগ্ৰামী মঞ্চই। “শিলাদিত্য দেবে অসমীয়া জাতিৰ বহু অপকাৰ কৰিছে”, সংগ্ৰামী মঞ্চই কয়।

উল্লখযোগ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬, হিন্দু বাংলাদেশীক সংস্থাপন আৰু কেইবাটাও বাঙালী সংগঠনে ১৭ নৱেম্বৰত পাতিব বিচৰা সমাৱেশক লৈ অসমৰ খিলঞ্জীয়া ৰাইজ, বিভিন্ন জাতীয় দল-সংগঠনে ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে বিধায়ক শিলাদিত্য দেবে বিধয়কখনৰ প্ৰতি সমৰ্থন আগ বঢ়োৱাৰ লগতে বিৰোধিতা কৰাসকলৰ প্ৰতিও তিৰ্যক মন্তব্য দি আহিছে।

ইমানেই নহয় অহা ১৭ নৱেম্বৰত গুৱাহাটীত সমাৱেশ পাতিবলৈ ওলোৱা কেইবাটাও বাঙালী সংগঠনৰ যৌথ মঞ্চ নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসম (চি আৰ পি এফ-এ)ৰো নেতৃত্ব দিছে বিধায়কজনে।

উল্লেখ্য যে, ১৭ নবেম্বৰৰ এই সমাৱেশ সন্দৰ্ভত উদ্যোক্তাসকলে এতিয়া সুৰ সলাই ইয়াৰ নাম ‘মৈত্ৰী সন্মিলন’ দিলেও প্ৰথমতে এই সমাৱেশ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ সমৰ্থনতে অনুষ্ঠিত কৰাৰ কথা আছিল।

ইপিনে, যোৱা ২৪ অক্টোবৰত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই অসম সংগ্ৰামী মঞ্চই আয়োজন কৰা এখন সভাত ‘শিলাদিত্যই পৰিণতি ভোগ কৰিবই লাগিব। এইটোটো খাটাং কথা’ বুলি সকীয়নি দিয়াৰ লগতে ’৮৩ৰ পৰিৱেশ ঘূৰাই অনাৰ হুংকাৰ দিছিল।

আজিৰ সংবাদমেলত অসম সংগ্ৰামী মঞ্চই সেয়া হাজৰিকাৰ নিজা মন্তব্য আছিল বুলি কয়। অৱশ্যে ‘তেনে এটা উচ্ছৃংখল পৰিৱেশ শিলাদিত্য দেবে নিজেই সৃষ্টি কৰিছে’ বুলিও অসম সংগ্ৰামী মঞ্চই মন্তব্য কৰে।