উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ লেতেৰা চহৰ শিলচৰ

লেতেৰা চহৰৰ মাজত উত্তৰ-পূর্বাঞ্চল ভিতৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড়

7-1136x570

প্ৰতিনিধিত্বমূলক ফটো

অসমৰ শিলচৰ চহৰ ভাৰতৰ চহৰ/মহানগৰসমূহৰ ভিতৰত তৃতীয়খন আটাইতকৈ লেতেৰা চহৰ। এইক্ষেত্ৰত দেশৰ ৪২৫খন চহৰৰ ভিতৰত শিলচৰৰ স্থান হৈছে ৪২৩ নম্বৰত।

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চহৰসমূহৰ ভিতৰত আটাইতকৈ লেতেৰা চহৰ হৈছে শিলচৰ।

বুধবাৰে ঘোষণা কৰা স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ ফলাফলত এই কথা প্ৰকাশ পাইছে।

স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ ফলাফল অনুসৰি ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছে ইন্দোৰে। এই ফলাফল অনুসৰি পৰিষ্কাৰ চহৰৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ছত্তীশগড়ৰ অম্বিকাপুৰ আৰু কৰ্ণাটকৰ মাইছোৰ।

অসমৰ ডিব্ৰুগড় চহৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ লেতেৰা চহৰৰ ভিতৰত শিলচৰতকৈ কেইটামান বেছি পইন্ট লাভ কৰি দ্বিতীয় স্থানত আছে।

এইক্ষেত্ৰত চহৰখনে ৪১৫নম্বৰত স্থান লাভ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজধানী চহৰসমূহৰ ভিতৰত গেংটক হৈছে আটাইতকৈ পৰিষ্কাৰ চহৰ আৰু ৰাষ্ট্ৰীয় ভিত্তিত ই ২৭৫ নম্বৰত স্থান লাভ কৰিছে।

গুৱাহাটী (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩০৩) উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পৰিষ্কাৰ চহৰৰ দ্বিতীয় স্থানত আছে। ইয়াৰ পাছতে ইম্ফলে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৪৩) তৃতীয় স্থান আৰু ইটানগৰে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৭৮) চতুৰ্থ স্থান লাভ কৰিছে।

এই ক্ষেত্ৰত নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাই (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৮২) পঞ্চম স্থান লাভ কৰিছে। সেইদৰে ষষ্ঠ স্থানত আগৰতলা (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৮৭), সপ্তম স্থানত শ্বিলং (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৯৪) আৰু আইজলে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৯৮) অষ্টম স্থান লাভ কৰিছে।

স্বচ্ছ সৰ্বেক্ষণ হৈছে দেশজুৰি চহৰ আৰু মহানগৰসমূহৰ পৰিচ্ছন্নতা,স্বাস্থ্যসন্মত ব্যৱস্থা তথা অনাময় ব্যৱস্থাৰ ওপৰত চলোৱা এক বছৰেকীয়া সমীক্ষা।

২০১৯’ৰ ২ অক্টোবৰৰ ভিতৰত ভাৰতক স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ইয়াৰ আৰম্ভ কৰা হৈছিল।

স্বচ্ছ সৰ্বেক্ষণ প্ৰথম ২০১৬ চনত ৭৩খন মহানগৰ, এক মিলিয়নতকৈ অধিক জনসংখ্যা থকা ৫৩খন চহৰ আৰু সকলো ৰাজ্যৰ ৰাজধানী চহৰক সামৰি আৰম্ভ কৰা হৈছিল।