অসম চৰকাৰৰ ভূমিনীতিৰ নতুন অধ্যাদেশ আৰু মূল্য বৃদ্ধিৰ বিৰুদ্ধে ‘মাছ’ৰ মৌন প্ৰতিবাদ

index.jpg11

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ‘ল, ডিজেলৰ আকাশ লংঘী মূল্যবৃদ্ধি আৰু সাম্প্ৰতিক সময়ৰ ভূমি নীতিৰ বিৰুদ্ধে মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ নগাঁও জিলা সমিতিয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ নগাঁও জিলা সমিতিৰ আহ্বান মৰ্মে মাছৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে আজি বিজেপি চৰকাৰৰ ভূমিনীতিৰ প্ৰতিবাদত ক‘লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷

জাতি, মাটি, ভেটিৰ শ্ল‘গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি মাছৰ নগাঁও জিলাৰ অধ্যক্ষ নীলৰঞ্জন শৰ্মা আৰু সচিব বোধেন বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰে যে, যিকন সময়ত সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য নিম্নগামী হৈছে, ল’কডাউনৰ ফলত সৰ্ব সাধাৰণ লোক আৰ্থিক ভাৱে জৰুলা হৈ পৰিছে, তেনে সময়তে বিজেপি চৰকাৰে পেট্ৰ‘ল- ডিজেলৰ মূল্য বৃদ্ধি কৰি সৰ্ব সাধাৰণ ৰাইজক মাধমাৰ শোধাইছে৷

জাতি, মাটি, ভেটিৰ ৰক্ষক বুলি নিজকে দাবী কৰা বিজেপি চৰকাৰৰ ভূমি নীতিৰ বিৰোধিতা কৰি মাছে লগতে কয় যে এই চৰকাৰখনে সদায় খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কাম কৰি বহিৰাগতক অগ্ৰাধিকাৰ দি আহিছে৷

যি সময়ত কৃষকে ভূমি ক্ৰয়-বিক্ৰয়ৰ বাবে চৰকাৰৰ অনুমতি ল‘ব লগীয়া হৈছে, তেনে সময়তে বহিৰাগত বণিয়াক চৰকাৰৰ বিনা অনুমতিত অসমৰ মাটিত বেপাৰ-বাণিজ্যৰ বাবে এইখন চৰকাৰে ব্যৱহাৰৰ সুবিধা কৰি খিলঞ্জীয়াক ভূমিহীন কৰাৰ পন্থা গ্ৰহণ কৰিছে৷

এনেদৰে হ‘লে অদূৰ ভৱিষ্যতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিব বুলিও কয় মাছ-এ৷

চৰকাৰৰ এনেবোৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে মাছে সদায় প্ৰতিবাদ সাব্যস্ত কৰি যাব মাছ-এ৷ লকডাউনৰ সময়ৰ সামজিক ভয়াবহতা আৰু কভিদ-১৯ৰ গণ সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি মাছে আজিৰ দিনটোত ক‘লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে ভূমি নীতি পৰিহাৰ কৰা আৰু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷

অন্যথা চৰকাৰৰ এনেবোৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে অনাগত দিনত মাছে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ লগতে তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷