সুখবৰ: লাভৰ মুখ দেখিছে শিলঘাটৰ অসম সমবায় মৰাপাট কলে

বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত পুনৰ লাভৰ মুখ দেখিছে অসম সমবায় মৰাপাট কলে।

বাদ- বিবাদ তথা ভয়াবহ ক’ভিড পৰিস্থিতি আৰু কেঁচা মৰাপাটৰ অভাৱৰ বাবেই বন্ধ হৈ পৰিছিল অসম সমবায় মৰাপাট কলটো।

তাৰ পিছত যোৱা বছৰৰ আগষ্ট মাহৰ ১৮ তাৰিখৰ পৰা অসম সমবায় মৰাপাট কলৰ চকা পুনৰ ঘূৰিবলৈ আৰম্ভ কৰিছিল।

কলটোৰ পৰিচালন সঞ্চালক আৰু শ্ৰমিকৰ মাজত হোৱা আলোচনাৰ পাছত পুনৰ আৰম্ভ হৈছিল কলটোৰ উৎপাদন ।

চৰকাৰী অনুদানৰ পিছতে পুনৰ চকা ঘূৰা কলটোৱে লাহে লাহে লাভৰ মুখ দেখি আশাৰ সঞ্চাৰ কঢ়িয়াবলৈ সক্ষম হৈছে।

শ্ৰমিকৰ মজুৰিৰ লগতে অন্যান্য খৰচ বহন কৰিও বৰ্তমান মাহে পাঁচ লাখ টকাকৈ লাভ দেখিবলৈ সক্ষম হৈছে। আনহাতেদি কলটোত দ্বিতীয় এটা ইউনিট অহা ছেপ্তেম্বৰ মাহৰ এক তাৰিখৰ পৰা আৰাম্ভ কৰা হ’ব।

ইয়াৰ বাবে প্ৰায় ৯০ শতাংশ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

নতুন ইউনিটো আৰম্ভ হ’লে আৰু নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হ’ব কলটোৱে।

বৰ্তমান দৈনিক ষোল্ল টন উৎপাদন হৈ থকা কলটোৰ নতুন ইউনিট আৰম্ভ হ’লে আৰু  ওঠৰ টন উৎপাদন হ’ব বুলি জানিবলৈ দিয়ে।