বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম শিল্পী কাননৰ উদ্যোগত শিল্পী সমাৰোহ

অসমৰ ত্ৰিশ গৰাকী বিশিষ্ট শিল্পী- সাহিত্যিকক সম্বৰ্ধনা

অসম শিল্পী কাননৰ উদ্যোগত , মৰিগাঁও জিলা সমিতি আৰু বিষ্ণুজ্যোতি কলা পৰিষদৰ সহযোগিতাত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিলচাং বিহুতলিত অনুস্থিত হয় ‘শিল্পী সমাৰোহ’ ।

অসম শিল্পী কানন,মৰিগাঁও জিলা সমিতি আৰু শিলচাং অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াৰ “মতবিনিময় অনুষ্ঠান” কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটি শুভাৰম্ভ কৰে কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা অসম শিল্পী কাননৰ উপসভাপতি ড° দীপা বৰুৱাই ।

অনুষ্ঠানটি আঁত ধৰে অসম শিল্পী কাননৰ সম্পাদক দৰ্শন মহন্ত আৰু শিল্পী সাহিত্যিক মীনা বৰাই ।

বিয়লি দুই বজাৰ পৰা আৰম্ভ হোৱা শিল্পী সমাৰোহৰ মূল কাৰ্যসূচী উদ্বোধন কৰে মৌচমি কাকতিয়ে । নিদিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত তথা সাংস্কৃতিক কৰ্মী ড°কুশল হাজৰিকা, বিশিষ্ট গল্পকাৰ সাহিত্যিক শিৱানন্দ কাকতি আৰু শিক্ষাবিদ সমাজকৰ্মী ড° দীপশিখা ভাগৱতীয়ে ।

তিনিও গৰাকী বক্তাই সুধাকণ্ঠৰ ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু তেখেতৰ জীৱন দৰ্শন সম্পৰ্কে আলোকপাত কৰে । এই অনুষ্ঠানতেই অসম শিল্পী কাননৰ কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰণত আঠ গৰাকী ,মৰিগাঁও জিলা সমিতিৰ আমন্ত্ৰণত এঘাৰ গৰাকী আৰু শিলচাং অভ্যৰ্থনা সমিতিৰ আমন্ত্ৰণত ১২ গৰাকী সন্মানীয় শিল্পী ,সাহিত্যিক তথা বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্দ্ধিত বিশিষ্ট ব্যক্তি সকল হৈছে সাহিত্যিক ড°অমিয়া পাটৰ, একালৰ জনপ্ৰিয় বিহুৱতী দিপালী দাস মজুমদাৰ, সাহিত্যিক ড° নীৰলা দেৱী, সাহিত্যিক ৰানু নেওগ ভূঞা, সাংস্কৃতিক কৰ্মী ড° হেমন্ত কুমাৰ নাথ , সাহিত্যিক জেউতি হাজৰিকা, দ্বৈত কণ্ঠৰ শিল্পী পদুম বৰা, মুকাভিনয় শিল্পী কুমুদ চন্দ্ৰ বৰদলৈ , বিশিষ্ট সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মা, শিক্ষাবিদ নিলাক্ষী কাকতি, চিত্ৰ আৰু ভাস্কৰ্য শিল্পী দুলন চন্দ্ৰ নাথ, চেমনীয়া সাহিত্যিক কংকনা মেধি, অভিনেতা তথা চিকিৎসক ডা° শ্বাহিৰ আলম , সমাজ কৰ্মী বাবুল হুছেইন , ধাৰাবাহিকৰ প্ৰযোজক ইমৰাণ মালিক , কৌতুক শিল্পী পিতকন মান্তা, অনাতাঁৰ শিল্পী চেনীমাই বৰদলৈ, বাহী বাদক বুদ্ধেশ্বৰ বড়ো , তিৱা অনাতাঁৰ শিল্পী বৰ্মন পাটৰ, সাহিত্যিক ,নাট্যকাৰ তথা পৰিচালক কণ্ঠৈশ্বৰ ডেকা, সাহিত্যিক নোমল বৰদলৈ,অভিনেতা বীৰেণ বৰদলৈ , শিল্পী কন্টেশ্বৰ বৰদ,শিল্পী তপন বৰদলৈ ,শিল্পী বকিন্দ্ৰ কোৱৱ শংকৰী কৃষ্টিৰ সাধক প্ৰণৱ দাস আৰু শিল্পী লক্ষেশ্বৰ দাস ।

এই অনুষ্ঠানতৰ পাছতেই অনুষ্ঠিত হয় এখনি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন , লগতে আমন্ত্ৰণ শিল্পীৰ দ্বাৰা ভিন্নৰঙী সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল কৰি তোলে শিলচাং বিহুতলি।

এই সাংস্কৃতিক কাৰ্যসূচীত মুখ্য অতিথি শিল্পী ৰূপে উপস্থিত থাকে জনপ্ৰিয় ধাৰাবাহিক ‘বেহৰবাৰী আউটপষ্ট’ৰ সৰ্বজন প্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা(কে কে) । ইয়াৰ উপৰিও আমন্ত্ৰিত অতিথি শিল্পী ৰূপে উপস্থিত থাকে জনপ্ৰিয় সংগীত শিল্পী কৃষ্ণমণি নাথ আৰু চিত্ৰনাট্যকাৰ ,অভিনেতা পল্লৱ পৱন বৰা ।