সুদীৰ্ঘ ২০ বছৰৰ পাছত মহিলাক মৃত্যুদণ্ড বিহিলে ছিংগাপুৰৰ আদালতে

Attendees at an anti-death penalty protest in Singapore

প্ৰায় ২০ বছৰৰ পাছত শুকুৰবাৰে ছিংগাপুৰত এগৰাকী মহিলা অপৰাধীক ফাঁচী দিয়া হয়। ৪৫ বছৰীয়া সাৰিদেৱি জামানী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ৩০.৭২ গ্ৰামতকৈ অধিক বিশুদ্ধ হেৰ’ইন ৰখাৰ অভিযোগ উত্থাপন হৈছিল। 

উল্লেখ্য যে ছিংগাপুৰত ড্ৰাগছৰ আইন অতি কঠোৰ। কাৰণ, তেওঁলোকে ভাবে, ড্ৰাগছৰ চাহিদা আৰু যোগান – দুয়োটাকে মৃত্যুদণ্ডৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। 

দেশখনৰ ড্ৰাগছ আইন অনুসৰি নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক পৰিমাণৰ যিকোনো ধৰণৰ ড্ৰাগছ ৰাখিলে মৃত্যুদণ্ড দিয়া হয়। জানিব পৰা মতে, নিৰ্ধাৰিত পৰিমাণতকৈ দুগুণতকৈও অধিক পৰিমাণৰ ড্ৰাগছ আছিল সাৰিদেৱীৰ হাতত । 

এই সম্পৰ্কত ছিংগাপুৰৰ চেণ্ট্ৰেল নাৰ্কটিকছ ব্যুৰোৱে কয় যে, “২৮ জুলাইত সাৰিদেৱি জামানীক ফাঁচী দিয়া হৈছিল। সাৰিদেৱিয়ে মৃত্যুদণ্ডৰ পৰা হাত সাৰিবলৈ সকলো আইনী পথ বিচাৰিছিল। সকলো আইনী পথ শেষ হোৱাৰ পিছত তেওঁক ফাঁচী দিয়া হৈছিল। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁৰ শেষৰটো আবেদনো আদালতে নাকচ কৰিছিল। তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা বিচাৰিছিল যদিও ৰাষ্ট্ৰপতিয়ে একো সহায় কৰা নাছিল।

এই গোচৰত ২০১৮ চনতে গ্ৰেপ্তাৰ কৰা হৈছিল সাৰিদেৱিক । ২০০৪ চনৰ পিছত ছিংগাপুৰত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক ফাঁচী দিয়া হৈছে। 

উল্লেখ্য যে সাৰিদেৱিৰ ফাঁচীৰ পিছত ছিংগাপুৰত মৃত্যুদণ্ডৰ ফলপ্ৰসূতা আৰু নৈতিকতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ ক্ষেত্ৰত মৃত্যুদণ্ডৰ উপযুক্ততা সম্পৰ্কেও প্ৰশ্ন উত্থাপন হৈছে। 

খবৰ অনুসৰি দেশখনত এই সপ্তাহত ড্ৰাগছ সৰবৰাহৰ অপৰাধত আন এজন ব্যক্তিকো ফাঁচী দিয়া হৈছিল। ৫৭ বছৰীয়া মহম্মদ আজিজ বিন হুছেইনৰ নামৰ ব্যক্তিজনৰ পৰা প্ৰায় ৫০ গ্ৰাম হেৰ’ইন উদ্ধাৰ হোৱাৰ অভিযোগত  যোৱা বুধবাৰে তেওঁক ফাঁচী দিয়া হয়। ধৰা পৰাৰ মাত্ৰ দুদিন পিছতে ফাঁচী দিয়া হ’ল ব্যক্তিগৰাকীক। 

উল্লেখ্য যে, ২০২২ চনৰ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে ছিংগাপুৰে মুঠ ২২ জন লোকক মৃত্যুদণ্ড বিহিছে।

ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱনৰ ক্ষেত্ৰত ছিংগাপুৰ আদালতে প্ৰদান কৰা কঠোৰ শাস্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে মানৱ অধিকাৰ সংগঠনসমূহে। এম্নেষ্টী ইণ্টাৰনেশ্যনেলকে ধৰি বিভিন্ন মানৱ অধিকাৰ সংগঠনে ছিংগাপুৰ চৰকাৰক মৃত্যুদণ্ড বন্ধ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে ড্ৰাগছ সম্পৰ্কীয় অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মৃত্যুদণ্ড ফলপ্ৰসূ হোৱাৰ কোনো নজীৰ নাই। 

মানৱ অধিকাৰ সংগঠনসমূহৰ মতে, বেছিভাগ ক্ষেত্ৰতে ড্ৰাগছ আসক্তসকল পৰিস্থিতিৰ বলি হয়। সেয়ে ইয়াক অপৰাধৰ পৰিৱৰ্তে ৰোগ হিচাপেহে চাব লাগে। মৃত্যুদণ্ডৰ পৰিৱৰ্তে তেওঁলোকৰ চিকিৎসা কৰা উচিত। তেওঁলোকক শুধৰণিৰ সুযোগ দিব লাগে। মানৱ অধিকাৰ সংগঠনসমূহে দাবী কৰে যে মৃত্যুদণ্ড কেতিয়াও ন্যায়সংগত নহয়।