NORTHEAST NOW (Assamese)

ছিংগাপুৰত পোৱা গৈছে ক’ভিডৰ নতুন প্ৰজাতি, কেন্দ্ৰক কি সকিয়নী দিলে কেজৰিৱালে?

May 18, 2021 3:32 pm · এন ই নাও নিউজ

ছিংগাপুৰত এবিধ নতুন প্ৰজাতিৰ ভাইৰাছ পোৱা গৈছে আৰু ই ভাৰতত ক’ভিডৰ তৃতীয়টো ঢৌৰ সূচনা কৰিব পাৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰক এই সকিয়নী বাৰ্তা প্ৰেৰণ কৰিছে।

কেজৰিৱালে কয় যে এই প্ৰজাতিৰ ভাইৰাছবিধ শিশুৰ বাবে অতি ভয়ংকৰ আৰু শিশুক ভেকচিন প্ৰদানত অগ্ৰাধিকাৰ দিব লাগে।

এইক্ষেত্ৰত তেওঁ ছিংগাপুৰৰ স’তে বায়ুসেৱাৰ যোগাযোগ বন্ধ কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক এটা টুইটযোগে অনুৰোধ কৰে।

Related News