হোটেলৰ কোঠাত অন্ধকাৰ আৰু চেঁচা টেপৰ পানীৰ লগতে মহ কীট-পতংগৰ লগতে অসুস্থতাৰ সন্মুখীন হৈও ছিংগাপুৰৰ বেডমিণ্টন যুটী টেৰী হী আৰু জেচিকা তানে ছিজনৰ দ্বিতীয়টো খিতাপ দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছিংগাপুৰৰ এই দম্পতিৰ গুৱাহাটী ভ্ৰমণৰ তিক্ত অভিজ্ঞতাৰ কথা সবিস্তাৰে প্ৰকাশ পাইছে দ্য ষ্টেইট টাইমছ নামৰ কাকতখনত।
১০ ডিচেম্বৰত বিশ্বৰ ২৬ নং স্থানত থকা যুটীটোৱে অসমত অনুষ্ঠিত এক লাখ মাৰ্কিন ডলাৰ (১ লাখ ৩৪ হাজাৰ এছ ডলাৰ)ৰ গুৱাহাটী মাষ্টাৰ্ছৰ ফাইনেলত ডেনমাৰ্কৰ ৩৫ নম্বৰ স্থানৰ মেডছ ভেষ্টাৰগাৰ্ড আৰু ক্ৰীষ্টিন বুছক ২১-১৯, ২১-১১ ব্যৱধানত পৰাস্ত কৰি ২৬ বছৰীয়া দলটোৱে ৭,৯০০ মাৰ্কিন ডলাৰৰ চেক তুলি লয়।
কিন্তু ভাৰতত ভ্ৰমণৰ সময়ত তেওঁলোকে কঠিন সময়ৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। গুৱাহাটীৰ অভিজ্ঞতাৰ প্ৰায় এসপ্তাহ পূৰ্বে লক্ষ্ণৌৰ চৈয়দ মোডী আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁলোকে অপ্ৰীতিকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল। তাত তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
লগতে পঢ়কঃ IPL 2024: ১০ বছৰৰ পাছত ৰোহিতক নেতৃত্বৰ পৰা আঁতৰালে মুম্বাইয়ে; কি ক’লে আম্বানীৰ দলটোৱে?
তানে ইনষ্টাগ্ৰামৰ এটা ষ্টৰীত লিখিছে, ‘কোৰ্ট টেষ্টৰ সময়ত হলঘৰত চৰাই উৰি আছিল আৰু গোটেই ক’ৰ্টত চৰাইৰ বিষ্ঠা আছিল। ধূলিৰ দৰে বস্তু কিছুমানৰ বাবে হলঘৰটোও অলপ কুঁৱলীময় হৈ পৰিছিল।”
কিন্তু গুৱাহাটীলৈ অহাৰ পিছতো বিড়ম্বনাৰ অন্ত পৰা নাছিল। বৰঞ্চ ইয়াৰ অভিজ্ঞতা আছিল আৰু নাৰকীয়।
কেৱল মহ মাৰিবলৈ ইলেক্ট্ৰিক শ্বাটাৰৰ সলনি ৰেকেট ব্যৱহাৰ কৰিবলগীয়া হোৱাই নহয়, সৰুসজাই ক্ৰীড়া কমপ্লেক্সত ইজনে সিজনৰ খাদ্য মাখিৰ পৰা ৰক্ষা কৰিবলৈও ব্যস্ত হ’বলগীয়া হৈছিল।
ঘৰ ৩৬৫ ৰেচিডেন্সিৰ তেওঁলোকৰ হোটেলৰ কোঠাৰ পানী গৰম কৰা মেচিনবোৰে কাম নকৰাৰ বাবে তেওঁলোকে পানী উতলাই গা ধোৱাৰ বাবে বাল্টিত ঢালি ল’বলগীয়া হৈছিল। সেইটোও তেতিয়াহে সম্ভৱ হৈছিল যেতিয়া তেওঁলোকৰ টেপবোৰত বাদামী ৰঙৰ পানী অহা নাছিল।
মুঠতে তেওঁলোকে এক জঘন্য ব্যৱস্থাৰ সন্মুখীন হৈছিল আৰু তেওঁলোকক জিৰণি লোৱা আৰু সুস্থ ৰখাত কোনো সহায় কৰা নাছিল।
লগতে পঢ়কঃ ISL 2023-24: গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ৩-১ গ’লত পৰাস্ত কৰিলে মোহন বাগানে
ছিংগাপুৰ বেডমিণ্টন এছ’চিয়েশ্যনে জানিবলৈ দিয়া মতে, বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনক এই বিষয়ে অৱগত কৰা হৈছে।
গুৱাহাটী মাষ্টাৰ্ছত নমাৰ আগতে তানৰ ডিঙিৰ তীব্ৰ বিষ, জ্বৰ আৰু পানীলগা হৈছিল যদিও স্বামী-স্ত্ৰীৰ যুটীটোৱে কোনোমতে যুঁজত নামিছিল।
তানে কয়, “মোৰ বাবে ই অত্যন্ত কষ্টকৰ আছিল কাৰণ গোটেই সময়ছোৱাত মই অতি অসুস্থ আছিলো। এইখনেই আছিল প্ৰথম টুৰ্ণামেণ্ট য’ত মই পইণ্ট লাভ কৰাৰ সময়ত কেতিয়াও চিঞৰিব পৰা নাছিলো কাৰণ মোৰ ডিঙিত যন্ত্ৰণা হৈছিল। মই সঁচাকৈয়ে শাৰীৰিক আৰু মানসিকভাৱে দৃঢ় হোৱাৰ চেষ্টা কৰিলোঁ, যিমান পাৰি খেলত মনোনিৱেশ কৰিবলৈ আৰু ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিলোঁ।”
View this post on Instagram
বৰ্তমান তেওঁলোকে ভাৰততে আছে আৰু ১২-১৭ ডিচেম্বৰৰ ওড়িশা মাষ্টাৰ্ছৰ বাবে কটকত আছে য’ত তেওঁলোকে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ বাবে অধিক ৰেংকিং পইণ্ট সংগ্ৰহৰ দৌৰত নামিছে।
হীয়ে কয় যে খেলুৱৈ হিচাপে আমি সকলো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব আৰু আমাৰ সাধ্য অনুসৰি কাম কৰিব লাগিব। এয়া এগৰাকী খেলুৱৈৰ মহানতা। কিন্তু গুৱাহাটী মাষ্টাৰ্ছৰ আয়োজকসকলে অসমৰ নাক কাটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি স্বৰূপ দাঙি ধৰিলে সেয়া অত্যন্ত লজ্জাজনক আৰু ক্ৰীড়াক্ষেত্ৰখনৰ বাবেও অপমানজনক ঘটনা।