NORTHEAST NOW (Assamese)

টীয়কত আছুৰ অধিৱেশন সন্দৰ্ভত মন্তব্য শিল্পী মহেন্দ্ৰ হাজৰিকাৰ

November 22, 2020 5:28 pm · নিৰ্মলেন্দু পাঠক
Updated: November 22, 2020 5:48 pm

“সদৌ অসম ছাত্ৰ সন্থা ,ছাত্র সন্থা হৈয়ে থাকক । ছাত্ৰ সন্থা ছাত্ৰ সন্থা হৈ থাকিলে জাতিৰ সপোন সাকাৰ হ’ব । ছাত্ৰ সন্থাৰ  অবিৰত সঠিক যাত্ৰাই জাতিটোক মূৰ তুলি থিয় কৰি ৰখাত সহায় কৰিব ।” এই মন্তব্য বিশিষ্ট কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ ।

আছুৰ দুলীয়াজান অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ গুৱাহাটীলৈ ওভোতাৰ পথত আজি দেওবাৰে টীয়কত সাংবাদিককৰে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে শিল্পী গৰাকীয়ে।

কন্ঠশিল্পী গৰাকীয়ে কয় যে ৰাইজৰ মতামতক লৈ আছু আগবাঢ়ি  যাব লাগে ।

তেওঁলোকৰ মাজত থকা অসূয়াবোৰ আলোচনাৰ মাধ্যমৰে দূৰ কৰি জাতিটোৰ সংকটৰ সময়ত আগবঢ়াৰ আহ্বান জনায় বিশিষ্ট কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকাই ।

Related News