NORTHEAST NOW (Assamese)

অসুস্থ কোকিলকণ্ঠী লতা মংগেশকাৰ; মুম্বাইৰ হাস্পাতালত ভৰ্তি

November 12, 2019 10:43 am · এন ই নাও নিউজ
কোকিলকণ্ঠী লতা মংগেশকাৰ।

হঠাতে অসুস্থ হৈ পৰা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক হাস্পাতলত ভৰ্তি কৰা হয়। সোমবাৰে দুপৰীয়া তেওঁক মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পাতলত ভৰ্তি কৰা হৈছে।

চিকিৎসকে জানিবলৈ দিয়া মতে গায়িকাগৰাকীৰ অৱস্থা সংকটজনক নহয় যদিও তেওঁ এতিয়া হাস্পাতলতে থাকিব লাগিব।

গায়িকা মংগেশকাৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা বুলি কোৱা হৈছে। ডাঃ ফাৰুক উদয়াদিয়াই কোকিলকণ্ঠী গায়িকাগৰাকীৰ চিকিৎসা চলাই আছে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, কিছুদিন ধৰি গায়িকাগৰাকী অসুস্থা হৈ আছিল। সোমবাৰে পুৱাৰ পৰা তেওঁৰ অৱস্থা ক্ৰমে বেয়া হ’বলৈ আৰম্ভ কৰাত দুপৰীয়া ডেৰমান বজাত তেওঁক হাস্পাতলত ভৰ্তি কৰোৱা হয়।

বয়সজনিত কাৰণতে অসুস্থতা বৃদ্ধি পোৱা বুলি চিকিৎসকসকলে জানিব দিয়ে। প্ৰায় নব্বৈৰ কাষ চপা গায়িকাগৰাকীয়ে এতিয়া চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চলি আছে।

সুৰ সম্ৰাজ্ঞীগৰাকীয়ে দেওবাৰে প্ৰায় সুস্থ হৈয়েই আছিল। আনকি “পানিপথ’ ছবিখনৰ বাবে তেওঁ পদ্মিনী কোহলাপুৰীক শুভেচ্ছাও জনায়। কিন্তু সোমবাৰে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক হাস্পাতলত ভৰ্তি কৰা হয়।

চিকিৎসকসকলে গায়িকাগৰাকীৰ স্বাস্থ্যৰ খবৰ দি কৈছে যে ভয়ৰ কোনো কাৰণ নাই। চিকিৎসাৰ ফলত স্বাস্থ্যৰ অৱস্থা বহু ভাললৈ আহিছে। সোনকালেই তেওঁ সুস্থ হৈ উঠিব বুলিও চিকিৎসকসকলে জানিব দিয়ে।

Related News