মাৰ্ঘেৰিটাৰ ইনথেমত চিংফৌ জনগোষ্ঠীৰ ৩৭ সংখ্যক ‘স্বপং য়ং মানাউ পয়’ মহোৎসৱ আৰম্ভ

index.jpg1

’উত্তৰ পূবৰ অন্যতম সুসংঠিত-বৰ্ণময়-ক্লাছিক নৃত্য প্ৰধান উৎসৱ  স্বপং য়ং মানাও পয়৷ চিংফৌসকলৰ এই জাতীয় উৎসৱটি প্ৰতিবছৰে অসম অৰুণাচলৰ ভিন্ন স্থানত উদযাপন কৰা হয়৷

শনিবাৰে পৰা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ইনথেম মুংগং বৌদ্ধ বিহাৰ প্ৰাংগণত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয়  ৩৭ সংখ্যক চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় আৰম্ভ হৈছে৷

মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া সঞ্জীৱ উলুপে জানিবলৈ দিয়া মতে বিশ সহস্ৰাধিক লোক সমাবেশ হোৱাৰ সম্ভাৱনা আছে মহোৎসৱত৷

আজি পুৱা উৎসৱৰ পতাকা উত্তোলন কৰে চিংফৌ ৰজা বিচানাং চিংফৌৱে। ইয়াৰ পাছতেই অনুষ্ঠানটি উদ্বোধন কৰা হয়। উদ্বোধন কৰে চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰামে।

তাৰ পাছতে শ্বাদুঙৰ চাৰিওফালে আবেষ্টিত হৈ সহস্ৰাধিক চিংফৌ আবাল বৃদ্ধ বনিতাই জাতীয় সাজপাৰ পৰিধান কৰি নৃত্য পৰিবেশন কৰে।

উল্লেখ্য যে ১৯৮৫ চনৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ দুইখন ৰাজ্যৰ চিংফৌ জনগোষ্ঠীয় ৰাইজে তেওঁলোকৰ জাতীয় উৎসৱটি অতি উল্লহ মালহেৰে উদযাপন কৰি আহিছে৷

চিংফৌসকলৰ পিতৃপুৰুষ স্বপং য়ঙক কেন্দ্ৰ কৰিয়ে এই উৎসৱ পালন কৰা হয়৷চিংফৌসকলে ধনেশ পক্ষীক জাতীয় পক্ষী হিচাপে গণ্য কৰে আৰু সেইবাবেই শ্বাদুংৰূপী দণ্ডকেইডাল ধনেশ চৰাইৰ ওপৰত সগৌৰৱে থিয় হৈ চিংফৌ জনগোষ্ঠীৰ আত্মগৌৰৱ, আত্মস্বাভিমান, আত্মমৰ্যাদা ৰক্ষাৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে৷

কাইলৈ অৰ্থাৎ দেওবাৰে পুৱা পৰম্পৰা অনুসৰি সন্মিলিত নৃত্যানুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হ’ব।

অসম আৰু অৰুণাচলৰ দুয়োখন ৰাজ্যৰ বিশিষ্ট ব্যক্তি এই সভাত উপস্থিত থাকিব। আজি নিশালৈ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।