লণ্ডনৰ কেনিংটন অভেল গ্ৰাউণ্ডত ভাৰতীয় ক্ৰিকেট দলৰ অদমনীয় যুঁজাৰু মনোবৃত্তিৰে অসম্ভৱকো সম্ভৱ কৰি তুলিলে মহম্মদ চিৰাজৰ নেতৃত্বাধীন বলিং দলে। অভেল টেষ্টৰ শেষ দিনত ইংলেণ্ডক মাত্ৰ ৬ ৰানত পৰাস্ত কৰি ভাৰতে শৃংখলাত ১-১ৰ সমতা স্থাপন কৰে। এই জয়ক সকলোৱে অসম্ভৱ বুলি ধৰি লৈছিল, কিন্তু চিৰাজৰ দৰ্শনীয় বলিং আৰু প্ৰসিদ্ধ কৃষ্ণৰ সংগৰ জৰিয়তে ভাৰতে এই অবিশ্বাস্য বিজয় অৰ্জন কৰে।
উল্লেখ্য যে অভেল টেষ্টৰ শেষৰ দিনত ইংলেণ্ডৰ জয়ৰ বাবে প্ৰয়োজন আছিল মাত্ৰ ৩৫ ৰান, আৰু হাতত আছিল ৪ টা উইকেট। জয়ৰ সম্ভাৱনা ইংলেণ্ডৰ পক্ষত থকাৰ সময়ত মহম্মদ চিৰাজে নিজৰ বলিংৰ যাদুৰে পৰিস্থিতি সলনি কৰি দিয়ে। দিনটোৰ প্ৰথম অভাৰতেই তেওঁ ইংলেণ্ডৰ শেষ শ্ৰষ্ঠ বেটাৰ জেমী স্মিথক আউট কৰি ভাৰতক প্ৰথম সফলতা দিয়ে। তাৰ পিছত নিজৰ দ্বিতীয় অভাৰৰ শেষ বলত তেওঁ আউট কৰে অভাৰটনক।
চিৰাজৰ এই দুটা সফলতাৰ পিছত প্ৰসিদ্ধ কৃষ্ণই জ’ছ টংগুৰ উইকেট দখল কৰি মেচৰ উত্তেজনা বৃদ্ধি কৰে। ইফালে, হাতত আঘাত লৈ ক্ৰীজত নামি ক্ৰীছ ৱ’কছে এখন হাতেৰে বেটিং কৰি দলৰ বাবে যুঁজ চলাই যায়। আনহাতে, গাছ এটকিনছনে ইংলেণ্ডৰ আশা জীপাই ৰাখিছিল যদিও চিৰাজৰ এটা নিখুঁত য়ৰ্কাৰে এটকিনছনৰ উইকেট ধ্বংস কৰি ভাৰতক ৬ ৰানৰ জয় উপহাৰ দিয়ে।
প্ৰথম ইনিংছত ভাৰতৰ ২২৪ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে সংগ্ৰহ কৰিছিল ২৪৭ ৰান। দ্বিতীয় ইনিংছত ভাৰতে ৩৯৬ ৰান কৰি ইংলেণ্ডৰ সন্মুখত ৩৭৪ ৰানৰ লক্ষ্য ৰাখে। চিৰাজৰ নেতৃত্বত ভাৰতীয় বলিং দলে ইংলেণ্ডক ৩৬৭ ৰানত স্তব্ধ কৰি জয় নিশ্চিত কৰে।
চিৰাজে দ্বিতীয় ইনিংছত ৫টা আৰু প্ৰথম ইনিংছত ৪টা উইকেট লৈ মুঠ ৯টা উইকেটৰ সৈতে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। আনহাতে, শুভমন গিলে চাৰিটা শতকৰ সৈতে শৃংখলাত ৭২২ ৰান সংগ্ৰহ কৰি শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰে।