আলফা স্বাধীনৰ কমাণ্ডাৰ ৰমেন বৰুৱাক অৰুণাচলত গ্ৰেপ্তাৰ

ULFA-I-commander-1140x570

আলফা-স্বাধীনৰ কমাণ্ডাৰ ৰমেন বৰুৱাৰ ফাইল ফটো।

অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী দলে(এছ আই টি) দেওবাৰে আলফা-স্বাধীনৰ জ্যেষ্ঠ স্বয়ম্ভু কমাণ্ডাৰ ৰঞ্জন বিকাশ বৰগোঁহাই ওৰফে ৰমেন বৰুৱাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ এই বিশেষ তদন্তকাৰী দলটোৰ নেতৃত্বত আছিল ইয়াৰ আৰক্ষী অধীক্ষক ড০ নৱদীপ সিং ব্ৰাৰৰ লগতে আৰক্ষী পৰিদৰ্শক এন লালি আৰু পি নিকাং।

ইটানগৰত থকা অৰুণাচল প্ৰদেশ আৰক্ষীৰ (সদৰ) জনসম্পৰ্কৰক্ষী বিষয়া এটা প্ৰেছ বিবৃতিত কয় যে গ্ৰেপ্তাৰ হোৱা আলফা-স্বাধীন সদস্যজন “অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ হাই প্ৰফাইল ৰাজনীতিকৰ পৰা ধন দাবী তথা সংগ্ৰহত জড়িত আছিল’।

তেওঁ লগতে জনায় যে সদস্যজনৰ পৰা আলফা-স্বাধীনৰ উপ সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ স্বাক্ষৰ সম্বলিত আলফা-স্বাধীনৰ পেডত বিভিন্ন দলৰ ৰাজনীতিকলৈ সম্বোধন কৰি লিখা এখন পত্ৰও উদ্ধাৰ কৰা হৈছে।

আগশাৰীৰ ৰাজনৈতিক ব্যক্তিৰ ঠিকনা, ফোন নম্বৰকে ধৰি ব্যক্তিগত সৱিশেষ লিখা দুখন ডায়েৰী, বিভিন্ন বেংকৰ ৫খন ডেবিট/ক্ৰেডিট কাৰ্ড আৰু ৩টা মোবাইল ফোনো জব্দ কৰা হয়।

ইয়াৰ পূৰ্বে এছ আই টিৰ চি বি আৰক্ষী থানাত আই পি চি আৰ/ডব্লিউৰ ধাৰা ৩৮৪,৩৮৫,৫০৬,৫১১ আৰু য়ু এ পি এক্ট ১৯৬৭’ৰ ধাৰা ১০’ৰ অধীনত এটা গোচৰ (নং ৮/২০১৯) পঞ্জীয়ন কৰা হৈছিল।

‘’এমাহতকৈ অধিক সময় ধৰি দিল্লী, ডিব্ৰুগড় আৰু গুৱাহাটীত প্ৰচেষ্টা তথা তালাচী চলোৱাৰ অন্তত ৰঞ্জন বিকাশ বৰগোঁহাইক অৱশেষত গ্ৰেপ্তাৰ কৰা হয়,’’-জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে।

তেওঁক আদালতৰ সন্মুখত হাজিৰ কৰোৱা হয় আৰু তেওঁক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।

জেৰাৰ সময়ত এইটো প্ৰকাশ পাইছে যে তেওঁক পূৰ্বে দিল্লী আৰক্ষীয়ে ভাবুকি আৰু ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰু তিহাৰ জেললৈ প্ৰেৰণ কৰিছিল।

তেওঁ ১৯৮৫ চনত আলফাৰ সান্নিধ্যলৈ আহিছিল। তেওঁ সংগঠনটোত সদস্য নিযুক্তি দিয়াৰ দায়িত্বৰ লগতে গুৰুত্বপূৰ্ণ পদত আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে।