আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কেৱল দাবী নহয়, ই খিলঞ্জীয়াৰ জন্মস্বত্ব : নগাঁও এ জে ৱাই চি পি 

1ad3014a-17c5-4b26-8e5c-70bb9259f6d0

অসমত শীঘ্ৰে  আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনি ঘণ্টা জোৰা এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

১৯৭৮ চনৰ ১২ মাৰ্চৰ পৰাই অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত চলাই নিয়া সংগ্ৰামখনিৰ ওপৰত নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি-সাধাৰণ সম্পাদকদ্বয় ৰূপক চন্দ্ৰ বৰা আৰু প্ৰাগজ্যোতিষ বনিয়াই বক্তব্যত প্ৰকাশ কৰে। তেওঁলোকে কয় যে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কেৱল মাত্ৰ দাবীয়েই নহয়, ই খিলঞ্জীয়াৰ অধিকাৰ।

উত্তৰ-পূবৰ দুৱাৰ মুখ অসমত কেন্দ্ৰীয় চৰকাৰে আজিকোপতি কিয় আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তন নকৰিলে তাত গভীৰ ৰহস্য ঘণীভূত হৈ আছে বুলিও সংবাদ মাধ্যমৰ আগত নেতাদ্বয়ে মন্তব্য কৰে।

আনহাতে নেতাদ্বয়ে আৰু কয় যে অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে অবৈধ লোক সকলে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নগালেণ্ড আৰু মিজোৰামলৈ অবাধ প্ৰব্ৰজন কৰাত সংশ্লিষ্ট ৰাজ্যৰ দল-সংগঠনে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ জৰিয়তে উক্ত লোক সকলক চিনাক্ত কৰি ৰাজ্যৰ বাহিৰলৈ এক কথাত অসমৰ সীমান্তত এৰি থৈ গৈছে।

আনহাতে, সংগঠনৰ কেন্দ্ৰীয় নেতা-কৰ্মীৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ  কৰা অৱস্থান ধৰ্মঘটৰ অন্তত উক্ত বিষয় উল্লেখ কৰি দেশৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।