• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2025 7:59 pm
47
VIEWS
Share on FacebookShare on Twitter

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত অংশগ্ৰহণ কৰাৰ অভিযোগত এজন যুৱকৰ বিৰুদ্ধে আদালতে ছুও মোটু ব্যৱস্থা গ্ৰহণ কৰে। শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ত এক গোচৰৰ ভাৰ্চুৱেল শুনানিৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। বিষয়টো পোহৰলৈ অহাৰ লগে লগে আদালতৰ বিভাগীয় বিচাৰপীঠে যুৱকজনৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে।

যোৱা ২০ জুনত সংঘটিত হোৱা এই ঘটনাৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ নিৰ্ঝাৰ এছ দেশাইৰ বিচাৰপীঠত। সেই সময়ত ‘সমাদ বেটাৰী’ নামৰ এজন ব্যৱহাৰকাৰীয়ে শৌচাগাৰত বহি ভাৰ্চুৱেল আদালতৰ শুনানিত যোগদান কৰিছিল। পিছত জানিব পৰা মতে যুৱকজনৰ নাম আব্দুল ছামাদ। আদালতৰ শুনানিৰ লাইভ সম্প্ৰচাৰৰ সময়ত দেখা এই খণ্ডটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

পিছত ৩০ জুনত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ ছুপেহিয়া আৰু আৰ টি বচ্চনৰ বিভাগীয় বিচাৰপীঠে এই কাণ্ডত suo motu ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ভিডিঅ’টোত দেখা পোৱা যুৱকজনৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক। যোৱা বৃহস্পতিবাৰে আদালতৰ মৌখিক নিৰ্দেশ আপলোড কৰা হৈছিল।

পিটিআইৰ মতে, উচ্চ ন্যায়ালয়ে নিজৰ নিৰ্দেশনাত কয় যে লাইভ সম্প্ৰচাৰৰ সময়ত শুনানিৰ সময়ত অংশগ্ৰহণকাৰীসকলৰ ‘বিশৃংখল’ আৰু ‘অনিয়ন্ত্ৰিত’ আচৰণৰ সঘনাই দেখা গৈছে। শৌচাগাৰত বহি শুনানিত উপস্থিত থকাটো কিয় আদালত অৱমাননা বুলি গণ্য কৰা নহ’ব, তাৰ ব্যাখ্যা বিচাৰি যুৱকজনক জাননী প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। দুসপ্তাহৰ পাছত এই বিষয়ৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি আদালতে জানিবলৈ দিয়ে। বিচাৰপীঠে লগতে কয় যে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ তৎকালীনভাৱে নিষিদ্ধ কৰি ডিলিট কৰাৰ প্ৰয়োজন আছে।

দৰাচলতে ক’ৰোনাৰ সময়ৰে পৰা গুজৰাট উচ্চ ন্যায়ালয়ে অধিবক্তা আৰু বিবাদীক ভাৰ্চুৱেলি আদালতত হাজিৰ হ’বলৈ অনুমতি দিছে। উচ্চ ন্যায়ালয়ৰ ইউটিউব চেনেলতো লাইভ সম্প্ৰচাৰ কৰা হয় আদালতৰ শুনানিৰ কাৰ্য্যবিধি। সেই ঘটনাৰ সামাদৰ অংশ ছ’চিয়েল মিডিয়াতো বিয়পি পৰিল। শেহতীয়াকৈ সংবাদ মাধ্যম ‘বাৰ এণ্ড বেঞ্চ’ৰ এক প্ৰতিবেদন অনুসৰি ছামাদ এফআইআৰ বাতিল কৰাৰ গোচৰত প্ৰতিবাদী হিচাপে উপস্থিত আছিল। গোচৰটোৰ মূল অভিযোগকাৰী তেওঁ আছিল। দুয়োপক্ষৰ মাজত সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তিৰ পিছত আদালতে এই এফআইআৰ বাতিল কৰে। অৱশ্যে শৌচাগাৰৰ পৰা ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ছামাদৰ বিৰুদ্ধে আদালতে ব্যৱস্থা গ্ৰহণ কৰে।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd