ধিং গেটত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি : স্থানীয় ৰাইজৰ পথ অৱৰোধ

e6e488c3-8b8f-44e3-830d-d20ece0c4b0b

নগাঁবৰ ধিং গেটত উত্তপ্ত পৰিস্থিতি। ফটো : নৰ্থইষ্ট নাও

নগাঁও চহৰৰ ধিং গেটত এক মটৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় ৰাইজে পথ অৱৰোধ কৰে।

জানিব পৰা মতে, নগাঁও-তেজপুৰ সংযোগী পথত ভাড়া মৰা এ এছ ০১ এইচ চি – ৪০৫৩ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখনে দৈনিক ভাড়া সামৰি গৃহমুখী হওতেই নগাঁও চহৰৰ ধিং গেটত এজন যাত্ৰীক আহত কৰে। আহত যাত্ৰীজনক ততাতৈয়াকে হাস্পতালত ভৰ্তি কৰোৱা হয়।

আনহাতে, এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে দুৰ্ঘটনা কৰা গাড়ীখন আৱদ্ধ কৰি প্ৰায় ১ ঘণ্টা ধৰি পথ অৱৰোধ কৰি ৰাখে।

উক্ত ধিং গে’ট এটা ঘন জনবসতি পূৰ্ণ এলেকা হোৱাৰ উপৰি অঞ্চলটোৰ কাষতে দুখনকৈ নাৰ্চিং হোম অৱস্থিত। নগাঁও জিলাৰ প্ৰশাসনৰ জ্ঞাতসাৰেই ব্যস্ততাপূৰ্ণ অঞ্চলটোত কেইবাটাও গাড়ী ষ্টেণ্ড অবৈধভাৱে চলি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

উল্লেখ্য যে, নগাঁও চহৰত ইতিমধ্যে বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। নগাঁও চহৰখনত যানজঁ‌টৰ সমস্যাই সাধাৰণ জনতাক উদ্বিগ্ন কৰি তোলাৰ সময়তে এনেধৰণৰ দুৰ্ঘটনাই প্ৰশাসনৰ দুৰ্বলতাকে প্ৰমাণ কৰিছে বুলি নগাঁওবাসীয়ে মতপোষণ কৰিছে।

আনহাতে,সম্প্ৰতি মাত্ৰ দুই কিলোমিটাৰ দূৰত্বৰ নগাঁও চহৰখন দিনৰ ভাগত অতিক্ৰম কৰোতে এক ঘণ্টাৰো অধিক সময় অতিবাহিত কৰিবলগীয়া হয়।