বেটাৰি ৰিক্সাত খুন্দিয়াই দৰিকা নদীত পৰিল মাৰুতি কাৰ

আজি দুপৰীয়া শিৱসাগৰৰ দৰিকা ঘাটত এখন বেটাৰি ৰিক্সা আৰু মাৰুতি কাৰৰ মাজত সংঘটিত এটা পথ দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা অনুসৰি দুপৰীয়া ১ মান বজাত শিৱসাগৰৰ দিশৰ পৰা আহি আছিল এখন বেটাৰি ৰিক্সা। জেঙনীকটীয়া দৰিকা ঘাটত ৰিক্সাখনৰ পৰা এগৰাকী আৰোহী নামিবলৈ লওতেই মাৰুতি গাড়ীখনে পাছফালৰ পৰা খুন্দিয়াই। খুন্দাত বেটাৰি ৰিক্সাখন পথৰ ওপৰত বাগৰি পৰে আৰু মাৰুতি গাড়ীখন পথৰ পৰা গৈ দৰিকা নদীত পৰে।

সৌভাগ্য ক্ৰমে মাৰুতি গাড়ীখনত থকা দুয়োজন আৰোহীয়ে প্ৰাণ বচাই পানীৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও গাড়ীখন পানীত ডুব যায়। পিছত স্থানীয় ৰাইজৰ সহযোগত পানীৰ পৰা গাড়ীখন পাৰলৈ উঠোৱা হয়।

আনহাতে বেটাৰি ৰিক্সাৰ আৰোহী কেইজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাত আটাইকেইজনকে ততাতৈয়াকে চিকিৎসাৰ বাবে প্ৰগতি নাৰ্চিং হোমলৈ প্ৰেৰণ কৰে।

ইফালে গাড়ীখনৰ গৰাকীয়ে জনোৱা মতে গাড়ীখন গেৰেজৰ পৰা বনাই মেকানিকৰ লগত টেষ্ট ড্ৰাইভৰ বাবে আহোতেই ব্ৰেক ফেইল হৈ দুৰ্ঘটনাটো সংঘটিত হয়।