NORTHEAST NOW (Assamese)

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি

October 20, 2020 11:25 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদশ বাৰ্ষিক শিৱসাগৰ অধিৱেশনৰ সোমবাৰে সমাপ্তি ঘটে।

সোমবাৰে পুৱতি নিশালৈকে হোৱা বিষয় বাচনি সভাত শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ নতুন কমিটি গঠন কৰা হয়।

পুৱতি নিশালৈকে হোৱা বিষয় বাচনি সভাই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে শিমলুগুৰিৰ মানৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক হিচাপে শিৱসাগৰৰ সমীৰণ ফুকনক নিৰ্বাচিত কৰিছে।

আনহাতে প্ৰথমবাৰৰ বাবে গঠিত হোৱা সদৌ চৰাইদেউ জিলা ছাত্ৰৰ সভাপতি হিচাপে দিলিপ বৰা আৰু মৰাণৰ অনুপজ্যোতি ভূঞাক বিষয় বাচনি সভাই নিৰ্বাচিত কৰে।

ইপিনে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকলৈ শৰৎ হাজৰিকা আৰু উদ্দীপজ্যোতি গগৈৰ নাম ঘোষণা কৰা হয়।

উল্লেখ্য যে ১৯ আৰু ২০ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

Related News