মুখ্যমন্ত্ৰীৰ আগমনৰ দিনাই শিৱসাগৰত আছুৰ অৱস্থান ধৰ্মঘটেৰে বিক্ষোভ কাৰ্যসূচী পালন

20201003_144023

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থানেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলাৰ সামগ্ৰিক উন্নয়নত ৰাজ্য চৰকাৰৰ অমনোযোগিতা আৰু ব্যৰ্থতাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসম আৰক্ষীৰ পৰিদৰ্শক নিযুক্তিৰ বাচনি পৰীক্ষাত ব্যাপক অনিয়মৰ ন্যায়িক তদন্তৰ দাবীত আজিৰ এই অৱস্থানেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে আজিৰ দিনতোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিৱসাগৰত অনুষ্ঠিত অসম ৰাজ্যিক জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণৰ বাবে শিৱসাগৰ লৈ আহিছে।

মুখ্যমন্ত্ৰীৰ শিৱসাগৰৰ এই ভ্ৰমণ কালত সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিটিয়ে বহু কেইটা দাবী উত্থাপন কৰে এই প্ৰতিবাদ স্থলীত। উক্ত দাবী সমুহ পূৰণৰ অৰ্থে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবীপত্ৰ প্ৰেৰণ কৰা হ’ব বুলি জানিব লৈ দিছে প্ৰতিবাদকাৰীসকলে।

এই দাবী সম্বলিত পত্ৰত শিৱসাগৰত এখন আইন মহাবিদ্যালয়, এখন মেডিকেল কলেজ, আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিবলৈ দাবী জনাইছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।

ইয়াৰ উপৰিও শিৱসাগৰ জিলাৰ নানান ধৰণৰ সমস্যা আছে লগতে সেইসমুহ পূৰণৰ বাবে আহ্বান জনায় আজিৰ এই অৱস্থানেৰে বিক্ষোভ কাৰ্যসূচীত।

ঐতিহাসিক শিৱসাগৰত থকা প্ৰাচীন সমলসমূহৰ দ্বাৰা পৰ্যটনস্থলী হিচাপে শিৱসাগৰক ঘোষণা কৰাৰ যি অৱকাশ আছিল এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে বুলিও দাবী কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক  সমীৰণ ফুকনে।