NORTHEAST NOW (Assamese)

২৩ আৰু ২৪ জানুৱাৰী ২০২১ত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ বাৰ্ষিক অধিৱেশন

December 5, 2020 7:57 pm · পাৰ্শ্বজ্যোতি গগৈ

অহা ২৩ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ’ব শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ বাৰ্ষিক অধিৱেশন।

আজি শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া উক্ত বাৰ্ষিক অধিৱেশনৰ বাবে শিৱসাগৰৰ জেষ্ঠ্য সাংবাদিক মনোজ বৰঠাকুৰক অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰা হয়।

দুয়ো দিনাৰ কাৰ্যসূচীত জিলাখনৰ সকলো সাংবাদিকক উপস্থিত থাকি অধিৱেশনখন সফল কৰি তুলিবলৈ আহ্বান জনায় আহ্বায়ক সমিতিয়ে।

উল্লেখ্য যে ১৯৬৪ চনৰ ২৭ ছেপ্তেম্বৰত স্থাপিত হৈছিল শিৱসাগৰ জিলা সাংবাদিক সন্থা।

প্ৰয়াত শিক্ষাবিদ পৱনাথ শৰ্মা, চন্দ্ৰ ভূঞা, বীৰেন বৰকটকী, প্ৰফুল্ল চন্দ্ৰ দত্ত, সোমেশ্বৰ কাকতি, গদা চুতীয়া, নীল গোহাঁই আদিৰ প্ৰচেষ্ঠাত গঢ় লৈ উঠিছিল শিৱসাগৰ জিলা সাংবাদিক সন্থা।

অসম সাহিত্য সভাৰ দুজনকৈ প্ৰাক্তন সভাপতি ক্ৰমে বীৰেন বৰকটকী আৰু ডঃ লীলা গগৈ শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন  সভাপতি আছিল।

Related News