শিৱসাগৰত ধাৰাসাৰে বিজেপিত যোগদান

Sivasagar: Mass joining in BJP

বিজেপিত যোগদান সভা। ছবি- নৰ্থ ইষ্ট নাও।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ধাৰাসাৰে চলিছে বিজেপিত যোগদান প্ৰক্ৰিয়া।

উল্লেখযোগ্য যে, শিৱসাগৰখন কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্যৰে প্ৰাক্তন পৌৰপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা খান আৰু ৰফিকুল হাজৰিকাৰ নেতৃত্বত যোৱা ২৮ জুলাইতো কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰিছিল।

বৃহস্পতিবাৰে শিৱসাগৰৰ থানামুখত জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন যোগদান সভাত দিচাংমুখ, জেইলগাঁও, পানবেচা, আখৈফুটীয়া আদি অঞ্চলৰ প্ৰায় ২০০গৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰে।

যোগদান সভাত সুৰভি ৰাজকোঁৱৰীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে কয় কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ চৰকাৰে ৰাজ্যখনৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি জনসাধাৰণক উপকৃত কৰিছে। সেইবাবেই এতিয়া উন্নয়ণ বিচাৰি ৰাইজে বিজেপি দলত যোগদান কৰিছে।

যোগদান সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক দীপু হাজৰিকাই।

অনুষ্ঠানত বিজেপিৰ নগৰ মণ্ডলৰ সভাপতি চিৰঞ্জিত বেজবৰুৱা, বিজেপি জিলা যুৱ মৰ্চাৰ উপ-সভাপতি বৈষ্ণৱপ্ৰান বৰাৰ লগতে আন বহু নেতা-কৰ্মী উপস্থিত থাকে।