৩৫ সংখ্যক আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাত শিৱসাগৰৰ সাফল্য

taekwondo-font-vector-14094458

প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৫ সংখ্যক আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাত শিৱসাগৰৰ দলটোৱে সাফল্য অৰ্জন কৰিছে।

শিৱসাগৰ জিলা টাইকোৱানডো প্ৰশিক্ষক ইন্দ্ৰ গোহাঁয়ে জানিবলৈ দিয়া মতে উক্ত প্ৰতিযোগিতাত ৰংপুৰ টাইকোৱানডো একাডেমিৰ খেলুৱৈয়ে ২ টা সোণ, ১ টা ৰূপ ক্লাব আৰু নিতাইপুখুৰী ক্লাবে ১ টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে।

প্ৰতিযোগিতাখনত চিন্ময় বকতিয়ালে ল’ৰাৰ কেডেটৰ ৫৭ কেজি অনূৰ্ধ্ব আৰু পৰাগজ্যোতি বৰুৱাই ৩৩ কেজি অনূৰ্ধ্বত সোণৰ পদক, ছোৱালীৰ চাব-জুনিয়ৰ ৩২ কেজি অনূৰ্ধ্বত চাৰ্নিচু ৰংপিপিয়ে ৰূপৰ পদক লাভ কৰে।

ইফালে কেডেটৰ ছোৱালীৰ ৩৭ কেজিৰ অনূৰ্ধ্ব অয়না বৰঠাকুৰ, চাব-জুনিয়ৰ ২৯ কেজি অনূৰ্ধ্বত তনুশ্ৰী গগৈ, ল’ৰাৰ ২৭ কেজি অনূৰ্ধ্ব ভাৰ্গৱজ্যোতি গোহাঁই, ল’ৰাৰ ৫ বছৰৰ অনূৰ্ধ্বত ধ্ৰুৱকৃষ্ণ গগৈ আৰু অয়ন উদিত বৰুৱা, ছোৱালীৰ ২৪ কেজিৰ অনূৰ্ধ্ব অভিষ্ঠা ভাগৱতী, ল’ৰাৰ ছিনিয়ৰ ৫৪ কেজি অনূৰ্ধ্ব প্ৰিয়তম গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।