শিৱসাগৰৰ ঐতিহ্যক্ষেত্ৰ পৰিণত হৈছে উচ্ছৃংখল যুৱক-যুৱতীৰ অনৈতিক কাৰ্যৰ আড্ডাস্থলীলৈ

শিৱসাগৰ বুলিলেই ৬০০ বছৰীয়া আহোম সম্ৰাজ্যৰ ইতিহাসৰ এক নাম। ছশবছৰীয়া আহোম সম্ৰাজ্যৰ স্মৃতি হিচাপে নানা পৌৰাণিক সমলেৰে ভৰপূৰ এইখন শিৱসাগৰ। বছৰৰ বাৰ মাহেই দেশী-বিদশী পৰ্যটকে ভৰি থাকে শিৱসাগৰৰ বাট পথত।

কিন্তু এতিয়া এই পৌৰাণিক সমলসমূহ এতিয়া এচাম উচ্ছৃংখল যুৱক-যুৱতীৰ অনৈতিক কাৰ্যৰ আড্ডাস্থলীলৈ পৰিণত হৈ পৰিছে।

শেহতীয়াকৈ ৱাটচ আপত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰৰ সচেতন মহলত। দিন দুপৰতে এহাল স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে বৰপুখুৰী পাৰৰ গছৰ আঁৰত বৰ্ণনা কৰিব নোৱাৰা কাৰ্যৰ এটা ভিডিঅ’ ভাইৰেল হোৱা ঘটনাই লজ্জিত কৰিছে শিৱসাগৰবাসীক।

শিৱসাগৰৰ এই বৰপুখুৰীৰ পাৰতেই শিৱসাগৰৰ দুজনকৈ অতিৰিক্ত অৰক্ষী অধীক্ষকৰ চৰকাৰী আবাসগৃহ থকাৰ উপৰিও আন বহু উচ্চ পদস্থ চৰকাৰী বিষয়াৰ আবাসগৃহৰ লগতে বহ কেইটা চৰকাৰী বিভাগ অৱস্থিত। তেনে এক পৰিবেশত দিন দুপৰতে ৰাস্তাৰ কাষত গছৰ আঁৰ লৈ এচাম উচ্ছৃংখল যুৱক-যুৱতীয়ে কৰা অনৈতিক কাৰ্যকলাপক সহজ ভাৱে ল’ব পৰা নাই সচেতন ৰাইজে।

একাংশ স্থানীয় লোকে জনোৱা অনুসৰি সন্ধিয়াও বৰপুখুৰীৰ পাৰৰ বিভিন্ন স্থানত কমবয়সীয়া এচাম যুৱক-যুৱতীয়ে আন্ধাৰৰ আঁৰ লৈ ব্যভিচাৰত লিপ্ত হয়। শিশুৰ পৰা বৃদ্ধলৈকে সান্ধ্যভ্ৰমণ কৰে। তেনে সময়ত এচাম উচ্ছৃংখল যুৱক-যুৱতীয়ে মুকলি কৈ কৰা অসামাজিক কাৰ্যকলাপে পৰিবেশ বিনিষ্ট কৰিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

আনহাতে সুস্থ-সামাজিক পৰিৱেশ বৰ্তাই ৰখাৰ স্বাৰ্থত আৰক্ষী-প্ৰশাসনে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা যুৱক-যুৱতীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পোষকতা কৰিছে স্থানীয় সচেতন লোকে।

স্থানীয় ৰাইজে বৰপুখুৰীৰ লগতে চহৰৰ বিভিন্ন স্থানত নিয়মীয়াকৈ আৰক্ষীৰ তহলৰ ব্যৱস্থা কৰিবলৈয়ো অনুৰোধ জনাইছে অৰক্ষী অধীক্ষকক।