শিৱসাগৰত নিষিদ্ধ হল চান্দা তোলা কাৰ্য,আৰক্ষীয়ে মুকলি কৰিলে বিশেষ কোষ

শুকুৰবাৰে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে এক সংবাদ মেল যোগে জানালে এই কথা। চান্দাৰ বিৰুদ্ধে শিৱসাগৰ আপক্ষীয়ে Anti Extortion Cell গঠন কৰাৰ কথা কয় আৰক্ষী অধীক্ষক গৰাকীয়ে।

কোনো দল সংগঠন বা ব্যক্তিয়ে চান্দা বা ধনদাবী কৰিলে ফোন যোগে শিৱসাগৰ আৰক্ষীক অভিযোগ দাখিল কৰিব পাৰিব বুলি জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে।

ইতিমধ্যে যোৱা দুটা দিনত অনুষ্ঠানৰ নামত চান্দা তোলা দুটা জাতীয় সংগঠনৰ ৬ জন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনে।

তেওঁ জনোৱা মতে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি পিকুমণি দাস, সম্পাদক পাৰ্থ দাস, কাৰ্যবাহী সদস্য জিন্টু দাস আৰু দিগন্ত বৰাক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে তাই আহোম যুৱ পৰিষদৰ শৈলেন চাংমাই আৰু সুনীল চাংমাই নামৰ আন দুজন যুৱককো গ্ৰেপ্তাৰ কৰা হৈছে।

চান্দাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে। এতিয়া প্ৰশ্ন হয়, চান্দা, ধন দাবীৰ বিৰুদ্ধে কেৱল সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে বিভিন্ন ৰাজনৈতিক দল তথা তেনে দলৰ ভাতৃ সংগঠনৰ বিৰুদ্ধেও অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব? সেয়া সময়ত লক্ষ্যণীয় হব।
ইপিনে, সতীৰ্থক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকল।

তেওঁলোকৰ অভিযোগ, শিৱসাগৰ আৰক্ষীয়ে মনে সজা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। ৬ ডিচেম্বৰত ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা বাবা চাহেব আন্বেদকাৰৰ জন্ম জয়ন্তী অনুষ্ঠিত কৰিবলৈ সংগঠনটোৰ কিছু কিছু শুভাকাংক্ষীৰ পৰা দান বৰঙণি তোলা বুলি কোৱা হৈছে। কোনো লোককে দাবী ধমকি দি ধন দাবী কৰা নাই বুলি সংগঠনটোৰ শীৰ্ষ বিষয়ববীয়াই আজি এক সংবাদ মেল যোগে কয়।
শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সংগঠনটোৰ চাৰিজন নেতা কৰ্মীক মুকলি কৰি দিবলৈ আহ্বান জনায়।