চাৰি বছৰত ছয় গৰাকী অস্থায়ী খণ্ড উন্নয়ন বিষয়া! চাপৰ-শালকোছা উন্নয়ন খণ্ডৰ কাৰ্যালয়ে উন্নয়ন সাধিব কিদৰে?

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাৰ অৰেয়াৰঝাৰত অৱস্থিত চাপৰ – শালকোছা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজি সুদীৰ্ঘ প্ৰায় চাৰি বছৰৰ ভিতৰত ছয় গৰাকী কৈ বিভিন্ন পৰ্যায়ৰ বিষয়াক অস্থায়ী ভাবে খণ্ড উন্নয়ন বিষয়াৰ দায়িত্ব দি অহা হৈছে।

এই দায়িত্ব অতি কম দিনৰ বাবে হোৱাৰ ফলত উন্নয়নমূলক কাম- কাজত নানা অসুবিধাৰ সৃষ্টি হৈছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

জানিব পৰা মতে যোৱা ১২ ডিচেম্বৰ ২০১৭ ৰ পৰা ৩০ জুন ২০১৮ লৈকে ধনঞ্জয় ৰায় , পহিলা জুলাই ২০১৮ ৰ পৰা ১৬ ছেপ্টেম্বৰ ২০১৯ লৈকে ৰূপ কমল ৰাভা , ১৭ ছেপ্টেম্বৰ ২০১৯ ৰ পৰা ২৪ ফেব্ৰুৱাৰী ২০২০ লৈ নৱজিত পাঠক , ২৫ ফেব্ৰুৱাৰী ২০২০ ৰ পৰা ৫ মে ২০২১ লৈকে কৃতিকা বসুমতাৰী , ৬ মে’ ২০২১ ৰ পৰা ৪ অক্টোবৰ ২০২১ লৈ মইদুল ইছলাম আৰু ৫ অক্টোবৰ ২০২১ ৰ এতিয়ালৈকে মৃগেন ভৰালীয়ে কাৰ্য্যনিৰ্বাহ কৰি আছে ।

চাপৰ- শালকোছা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এগৰাকী স্থায়ী খণ্ড উন্নয়ন বিষয়া নিযুক্তি দি উন্নয়নমূলক কাম- কাজ নিয়াৰিকৈ চলাই নিব লাগে বুলি স্থানীয় ৰাইজে মতপোষণ কৰিছে।

এই কাৰ্যালয়ত পুনৰ এগৰাকী খণ্ড উন্নয়ন বিষয়াক নতুনকৈ নিযুক্তি দিয়া হৈছে যদিও বাতৰি লিখা পৰলৈকে দায়িত্ব ভাৰ গ্ৰহণ কৰা নাই।

হয়তো দুই- চাৰি দিনৰ ভিতৰতে নৱ নিযুক্ত বিষয়াগৰাকীয়ে দায়িত্ব ভাৰ গ্ৰহণ কৰিব।

 তেওঁৰ কাৰ্যকাল কিমান দিনীয়া হয় তাকেলৈ স্থানীয় ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে।