NORTHEAST NOW (Assamese)

মৰ্মান্তিক! মমবাতি কাৰখানাত ভয়াৱহ অগ্নিকাণ্ড; প্ৰাণ হেৰুৱালে ৬ শ্ৰমিকে

December 9, 2023 6:05 pm · এন ই নাও নিউজ, গুৱাহাটী

এক মমবাতিৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ গৰাকী শ্ৰমিকে। এই ঘটনাত কমেও ১০ জন শ্ৰমিক আহত হয়। জন হানিৰ লগতে এই অগ্নিকাণ্ডৰ ফলত বৃহৎ পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হয় কাৰখানাটো।

এই ঘটনা সংঘটিত হৈছে পুনেৰ পিমপ্ৰি চিনচৌদ অঞ্চলত। কাৰখানাটো জুয়ে ছানি ধৰাৰ পিছতে তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হয় একাধিক অগ্নিনিৰ্বাপক বাহন।

কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত কাৰখানাটোত জুই নিয়ন্ত্ৰণ কৰিব পৰা হয় যদিও কাৰখানাৰ ভিতৰত আৱদ্ধ হৈ পৰা ৬ জন শ্ৰমিকৰ মৃত্যু ঘটে। অৱশ্যে আহতসকলক উদ্ধাৰ কৰি লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।

সম্প্ৰতি আহত লোকসকল চিকিৎসাধীন হৈ আছে আৰু আটাইকেইজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। ইফালে কাৰখানাটোত কিদৰে জুইৰ উৎপত্তি হয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

পিমপ্ৰি চিনচৌদৰ প্ৰশাসনিক কৰ্তৃপক্ষই সদৰী কৰা মতে, কাৰখানাটোত বৃহৎ পৰিমাণৰ মম মজুত কৰা হৈছিল। কাৰখানাটোত পৰ্যাপ্ত পৰিমাণৰ অগ্নিনিৰ্বাপক ব্যৱস্থা আছিল নে নাই, সেই বিষয়ে তদন্ত চলি আছে বুলি তেওঁ উল্লেখ কৰে।

Related News