বিহাৰত পুনৰ সংঘটিত হৈছে লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ড। এগৰাকী ৯ বছৰীয়া দলিত কিশোৰীক ধৰ্ষণ কৰি কটাৰীৰে ডিঙি কাটি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে এজন মাছ বিক্ৰেতাৰ বিৰুদ্ধে।
গুৰুতৰভাৱে আহত অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰি পাটনা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসা পাবলৈ ছয় ঘন্টা অপেক্ষা কৰিবলগীয়া হয় কিশোৰীগৰাকীয়ে। যাৰ ফলত ঘটনাৰ পিছদিনাই মৃত্যুক সাৱটি লয় কিশোৰীগৰাকীয়ে। শেহতীয়াকৈ এই ঘটনাক লৈ বিহাৰৰ মুজাফ্ফৰপুৰত উত্তেজনা বিয়পি পৰিছে। বিহাৰৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দল আৰজেডিয়ে। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰিছে যে সময়মতে চিকিৎসা লাভ কৰাহ’লে ছোৱালীজনীৰ জিইৱন ৰক্ষা পৰিলহেঁতেন।
আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত ৰোহিত সাহানীয়ে ৯ বছৰীয়া কিশোৰীগৰাকীক খাদ্যৰে প্ৰলোভিত কৰি নিৰ্জন স্থানলৈ লৈ যায়। তাৰ পিছত ধৰ্ষণ কৰে। তাৰপিছত কিশোৰীগৰাকীক ডিঙি কাটি হত্যা কৰাৰ চেষ্টা কৰে।
ৰোহিতক সোধা-পোছা কৰাত তেওঁ প্ৰথমে ঘটনাৰ কথা অস্বীকাৰ কৰিছিল যদিও পিছত সকলো কথা স্বীকাৰ কৰিছিল।
ঘটনাস্থলীৰ পৰাই পৰিয়ালটোৱে কিশোৰীগৰাকীক উদ্ধাৰ কৰি প্ৰথমে মুজাফ্ফৰপুৰৰ শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয়লৈ যায়। সেই চিকিৎসালয়ৰ পৰা তেঁওক পাটনা মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হ’ল। পিছে তাত চিকিৎসাৰ বাবে ছয় ঘণ্টা অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ পৰিয়ালটোৰ।
অৱশ্যে পৰিয়ালটোৰ এই অভিযোগ খাৰিজ কৰিছে পাটনা মেডিকেল কলেজ কৰ্তৃপক্ষই। পাটনা মেডিকেল কলেজৰ ভাৰপ্ৰাপ্ত অধীক্ষক অভিজিৎ সিঙে কয় যে, “ভৰ্তিৰ পিছৰে পৰা আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চিকিৎসা সেৱা আগবঢ়াইছো। চিকিৎসাত পলম হোৱা বুলি পৰিয়ালয়ে কৰা দাবী ভিত্তিহীন। আমি যৎপৰোনাস্তি চেষ্টা কৰিছিলো।”