• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ কোনোমতে পলাই আহি অসমত উপস্থিত ৬ শ্ৰমিকৰ

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
January 23, 2019 9:11 pm
897
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ নিজৰ প্ৰাণ ৰক্ষা কৰি কোনোমতে অসমত উপস্থিত হোৱা ৬ শ্ৰমিকৰ কাহিনী পোহৰলৈ অহাত সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শ্ৰমিক কেইজনে আজি অসমত উপস্থিত হোৱাৰ পিছতে সাংবাদিকৰ আগত কয় যে এতিয়াও অসমৰ বঙাইগাঁও, নগাঁও আজি জিলাৰ অসংখ্য শ্ৰমিক অৰুণাচলত আবদ্ধ হৈ আছে। আৰু তেওঁলোকে তাত অকথ্য নিৰ্যাতনৰ ভুগী থাকিব লগীয়া হৈছে।

ঘটনাৰ বিৱৰণী মতে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা শালনাৰ জনৈক মুকুল নায়ক নামৰ এজন লোকে বৃহত্তৰ নামনি অঞ্চলৰ পৰা ৬ জন শ্ৰমিকক কামৰ প্ৰলোভন দি যোৱা বছৰৰ ২৮ অক্টোবৰত অৰুণাচলৰ চিলাপথাৰলৈ নিছিল।

বেছি হাজিৰা পোৱাৰ আশাত অৰুণাচললৈ যোৱা শ্ৰমিক ৬ জন হ’ল ক্ৰমে  আমনি তিনিআলিৰ উত্তম প্ৰধান (৪৫), আমলখি ৰেলুৱৈ কলনিৰ মিঠু চৌধুৰী(৪৩), আমনিৰ শিৱ শংকৰ প্ৰধান(৪২), গণেশ মুৰা(৩০), আমনিবস্তিৰ ধীৰাজ বেহৰা(৩০), বলৰাম চৰকাৰ(২৬)। আটাইকেইজনকে অগ্ৰিম ধনৰ বিনিময়ত পোন্ধৰ দিনৰ বাবে চিলাপথাৰলৈ শ্ৰম কৰিবলৈ নিছিল।

মুকল নায়কৰ খুলশালি গকুল ছোৱাই শ্ৰমিক কেইজনক কালভাৰ্টৰ কামত নিয়োজিত কৰিবলৈ নিয়ে যদিও মুকুলে নানা চলাহী কথাৰে চিলাপথাৰৰ পৰা আংলং, আংলঙৰ পৰা বাগৰা আৰু শেষত অৰুণাচলৰ আংলং জিলাৰ পৰা অন্তৰ্গত দুৰ্গম পাহাৰীয়া অঞ্চল জাইবাগৰালৈ নিয়ে।

পৰৱৰ্তী সময়ত টোমাৰ বাগৰা মালিকানাধীন কালভাৰ্ট নিৰ্মাণৰ কামত ঠিকাদাৰ দেৱ য়েনৰ তত্বাৱধানত বনুৱা সকলক কামত লগাই মুকুল আৰু গকুল অসমলৈ উভতি আহে।

ইয়াৰ পিছতে শ্ৰমিক কেইজনৰ ওপৰত আৰম্ভ হয় মালিক পক্ষৰ শাৰীৰিক, মানসিক অত্যাচাৰ। আনকি শ্ৰমিক কেইজনে খাদ্যৰ বাবেও হাঁহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

আনহাতে শ্ৰমিককেইজনৰ পৰিলায়লৰ লোকৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰে ফলত পৰিয়ালৰ লোকে মুকুল নায়কৰ বিৰুদ্ধে চামগুৰি থানাত এজাহাৰ দাখিল কৰাৰ লগতে আদালতৰ কাষ চাপে। ফলত উপায়ান্তৰ হৈ মুকুল অৰুণাচললৈ যায় যদিও খুলশালিয়েকে শ্ৰমিকৰ প্ৰাপ্য আদায় নিয়া বুলি কৈ মুকুলকো জোৰ কৰি বনুৱাৰ কামত নিয়োজিত কৰি নিৰ্যাতন চলায়।

পিছত ছয় শ্ৰমিকে মুকুলৰ সৈতে ১ জানুৱাৰিত নিশা কম বন্থ থকাৰ সুযোগ লৈ পাহাৰীয় দুৰ্গম পথেৰে প্ৰায় ৭৫ কিলোমিটাৰ খোজ কাঢ়ি এখন ট্ৰাকৰ সহায়ত আহি অসমত উপস্থিত হয়হি।

ইফালে ৬ শ্ৰমিকক প্ৰলোভনেৰে অৰুণাচললৈ নিয়া মুকুল নায়ক আৰু গকুল ছোৱা দুয়োজন সম্পৰ্কত ভিনিহি-খুলাশালি আৰু দুয়োজন সম্প্ৰতি পলাতক অৱস্থাত আছে।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd