NORTHEAST NOW (Assamese)

ব্যাঘ্ৰ দিৱসত স্বৰ্ণ কন্যালৈ সন্মান : হিমাৰ নামেৰে বাঘৰ নামকৰণ চিৰিয়াখানা কৰ্তৃপক্ষৰ

July 29, 2019 11:17 am · এন ই নাও নিউজ
Updated: July 29, 2019 3:59 pm

নিজৰ বিৰল প্ৰতিভাৰ বলত কম সময়তে বিশ্বজুৰি ধিং এক্সপ্ৰেছ হিচাপে পৰিচিত হৈ উঠা হিমা এতিয়া ক্ৰীড়াৰ উপৰি আন আন ক্ষেত্ৰৰ চৰ্চিত বিষয়। কেইবাখনো আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত স্বৰ্ণ পদক অৰ্জনেৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা হিমাক লৈ বিৰল দৃষ্টান্ত দাঙি ধৰিলে বেংগালুৰুৰ বান্নেৰঘাট্টি চিৰিয়াখানা কৰ্তৃপক্ষই।

ক্ৰীড়াক্ষেত্ৰত অসম কন্যা হিমাৰ অৱদানক সন্মাই জনাই চিৰিয়াখানা কৰ্তৃপক্ষই এটা ছমহীয়া বাঘৰ পোৱালিৰ নাম ‘হিমা’ ৰাখিব বুলি ঘোষণা কৰিছে। এই ঘোষণাৰ পিছৰে পৰা বিভিন্ন মহলৰ মাজত চলিছে ব্যাপক চৰ্চা।

আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি বাঘৰ পোৱালিটোৰ নাম হিমা নামকৰণ কৰিব বুলি চিৰিয়াখানাৰ ফালৰ পৰা জানিবলৈ দিয়ে। তদুপৰি এনেধৰণৰ কাৰ্যই নতুন প্ৰজন্মক বাঘ সংৰক্ষণৰ বাবে সজাগ কৰাৰ লগতে চিৰিয়াখানালৈ দৰ্শনাৰ্থীৰো ভিৰ হ’বহি বুলি ধাৰণা কৰিছে চিৰিয়াখানাৰ কাৰ্যবাহী সঞ্চালক বনশ্ৰী বিপিঙ সিঙে।

উল্লেখ্য যে আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। সেয়ে ইয়াৰ লগত সংগতি ৰাখি চিৰিয়াখানা কৰ্তৃপক্ষই বান্নেৰঘাটি চিৰিয়াখানাত দৰ্শনাৰ্থীৰ বাবে আঠটা বাঘ মুকলি কৰিব। ইয়াৰে এটা ছমহীয়া বাঘৰ পোৱালিৰ নাম আনুষ্ঠানিকভাৱে স্বৰ্ণ কন্যা হিমা দাসৰ নামত নামকৰণ কৰিব।

উল্লেখযোগ্য যে ভাৰতীয় তাৰকা খেলুৱৈৰ নামেৰে কোনো জন্তুৰ নাম নামকৰণ কৰা এয়াই প্ৰথম নহয়। ইয়াৰ আগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ নামেৰে উদ্যান কৰ্তৃপক্ষই দুটা ভালুকৰ নামকৰণ কৰিছিল।

Related News