NORTHEAST NOW (Assamese)

অসমত আৰু ছয় ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৭৫লৈ বৃদ্ধি

August 14, 2020 10:52 pm · এন ই নাও নিউজ

আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৭৫লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— হাইলাকান্দিৰ ৰহমত আলি চৌধুৰী (৪৫), কামৰূপ মহানগৰৰ আব্দুল বাৰিক (৩৮), কাৰ্বি আংলঙৰ বেঞ্জামিন তেৰাং (৫৬), কামৰূপৰ ওচমান আলি (৫৬) আৰু ৰেণুকা বৰা (৮১) আৰু গোৱালপাৰাৰ আব্দুল ৰহিম (৭২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৃহস্পতিবাৰলৈকে অসমত ১৬৯গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে বৃহস্পতিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা আছিল ৪৯,৩৮৩ (।)

বৃহস্পতিবাৰলৈকে অসমত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২২,২৪০গৰাকী।

বৃহস্পতিবাৰলৈকে অসমত চিনাক্ত ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ৭১,৭৯৫লৈ বৃদ্ধি পাইছিল।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News