বিজেপিয়ে সমগ্ৰ অসমকে উলংগ কৰিলে : মৰাণ ছাত্ৰ সন্থা

সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা

IMG-20190107-WA0087

ডিগবৈত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ যৌথসভা। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল কৰা, মৰাণ জনজাতিক অনুসূচীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰা আৰু তৈলক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণ বাতিল কৰাৰ দাবীত তীব্ৰ আন্দোলন ঘোষণা কৰিছে মৰাণ জনজাতিৰ ছটাকৈ সংগঠনে।

সোমবাৰে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ ডিগবৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত যৌথ সভাত ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে অসমবাসীৰ জনমতক ভৰিৰে মোহাৰি বিদেশী সংস্থাপনেৰে চলাব বিচৰা অসম ধ্বংস কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সভাই দৃঢ় মত প্ৰকাশ কৰি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।

ঘোষিত কাৰ্যসূচী অনুসৰি অহা ২০ জানুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে মৰাণ জনজাতিক অনুসূচীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু তৈল ক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণ বাতিলৰ দাবীত মাহজোৰা অৰ্থনৈতিক অৱৰোধ কৰিব আৰু একে দাবীৰে আগন্তুক সময়ত সকলো ধৰণৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।

তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাসহ ৩০টা সংগঠনে ৮ জানুৱাৰীত আহ্বান জনোৱা অসম বন্ধ, ৭০টা সংগঠনে আহ্বান জনোৱা অনিদিৰ্ষ্টকালিন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীলৈ মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনে পূৰ্ণ সমৰ্থন জনায়।

আনহাতে, অসম মাতৃক ৰক্ষাৰ বাবে বিজেপি চৰকাৰৰ ওচৰত অসমক ভাল পোৱা প্ৰতিগৰাকী মানুহেই  কাকুতি-মিনতি, ধৰ্ণা-প্ৰতিবাদ, বন্ধ-হৰতাল কৰাৰ পাছতো সকলোকে বুঢ়া আঙুলি দেখোৱাই বিদেশী অনাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বলপূৰ্ৱভাৱে সোমবাৰে সদনত উত্থাপন কৰাত আটাইকেইটা সংগঠনে ধিক্কাৰ দিয়ে।

আটাইকেইটা সংগঠনৰ হৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু সাধাৰণ সম্পাদক নৱ মৰাণে সোমবাৰে দিল্লীৰ সংসদ ভৱনৰ সন্মূখত আৰু অসমত নজিৰ বিহীন প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰি বিজেপিয়ে সমগ্ৰ অসমকে উলংগ কৰিলে বুলি কয়। ইয়াৰ পৰা বিজেপিয়ে নিস্তাৰ নাপাব বুলিও নেতাদ্বয়ে সকীয়াই  দিয়ে।

ইপিনে, আঞ্চলিকতাবাদী দল অসম গণ পৰিষদে জাতিৰ স্বাৰ্থত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি চৰকাৰৰ পৰা ওলাই অহাত সদৌ মৰাণ ছাত্ৰ সন্থাই অসম গণ পৰিষদক ধন্যবাদ জনাইছে।