ৰাজ্যৰ বাহিৰত থকা বৃহৎ সংখ্যক লোকৰ অসমলৈ প্ৰত্যাৱৰ্তন আৰম্ভ হোৱাৰ লগে লগে তেনে লোক সকলক কোভিড১৯ ৰ বিধি অনুযায়ী কোৱাৰেন্টাইন শিবিৰত ৰখাৰ বাবে বৰপেটা জিলা প্ৰশাসনেও প্ৰস্তুতি আৰম্ভ কৰিছে।
বৰপেটা জিলাৰ হাউলীৰ বি এইছ কলেজ, সৰভোগৰ বৰনগৰ কলেজ আৰু বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ, বৰপেটা আইটিআই আৰু তিতকাৰ মিনি আইটিআই আদি ৬ টা কেন্দ্ৰত এই পৰ্যন্ত মুঠ ৪৬০ লোকৰ থকাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰয়োজনত আসনৰ সংখ্যা অতিৰিক্ত এহেজাৰখনলৈ বৃদ্ধি কৰিব পৰা যাব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।
ইতিমধ্যে আটাইকেইটা কেন্দ্ৰতে বিচনা-পত্ৰৰ পৰা আৰম্ভ কৰি শৌচাগাৰ, পস্ৰাৱগাৰ আদিৰ ব্যৱস্থা যুদ্ধোত্তৰ গতিত কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
এই সম্পৰ্কত কালি সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কোৱাৰেন্টাইন কেন্দ্ৰ আৰু মাণ্ডলিক পৰীক্ষা কেন্দ্ৰ স্থাপনৰ কামৰ অগ্ৰগতিৰ সমীক্ষা চলায়।
যি সকল লোকে কোৱাৰেন্টাইন শিবিৰৰ সলনি হোটেলত থাকিব বিচাৰে তেওঁলোকৰ বাবে জিলাখনৰ ১৮ খন হোটেলত ৪০০ খন আসনো সাজু কৰা হৈছে।
সম্ভাব্য যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে জিলাখনৰ প্ৰতিটো সমষ্টিতে অন্তত: দুশজন লোকৰ থকা-খোৱাৰ সুবিধা সহ কোৱাৰেন্টাইন কৰি ৰখাৰ বাবে উপযুক্ত স্থান নিৰ্বাচনৰ বাবেও প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
এই উদ্দ্যেশ্যে বিধায়ক আৰু খণ্ড উন্নয়ন বিষয়া সকলক লৈ সমিতিও গঠন কৰা হৈছে।
ইফালে মাণ্ডলিক স্কিনিং তথা কোৱাৰেন্টাইন চেন্টাৰৰ বাবে সৰভোগ ক্ৰীড়া প্ৰকল্পক নিৰ্বাচন কৰা হৈছে।
উল্লেখযোগ্য যে বৰপেটা জিলাৰ সীমান্তৰ মাজদিয়া, পাটাছাৰকুছী, সৰভোগ আৰু বৰটাৰীত আৰক্ষী আৰু চিকিৎসকৰ দলে ২৪ ঘন্টাই বাহৰ পাতি জিলাখনলৈ অহা প্ৰতিজন লোকৰে তথ্য আহৰণ কৰাৰ লগতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষাও কৰি আছে।
ইয়াৰ উপৰি একে সময়তে বৃহৎ সংখ্যক লোকৰ আগমণ হলে পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে এই মাণ্ডলিক পৰ্যায়ৰ কেন্দ্ৰটি স্থাপন কৰিবলৈ লোৱা হৈছে।