সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য খনিজ পদাৰ্থৰ ভিতৰত মেগনেছিয়াম অন্যতম। পেশী, স্নায়ু, হাড় আৰু হৃদযন্ত্ৰৰ স্বাভাৱিক কাম-কাজৰ বাবে এই খনিজ অতি গুৰুত্বপূৰ্ণ। শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কামৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সেয়ে মেগনেছিয়ামৰ অভাৱ শৰীৰত এক গুৰুতৰ সমস্যা। যিটো বেছিভাগ মানুহেই আওকাণ কৰে। যেতিয়া শৰীৰত মেগনেছিয়ামৰ মাত্ৰা কমি যায় তেতিয়া কিছুমান লক্ষণ দেখা দিয়ে, যিবোৰ প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে এৰাই চলিব পাৰি।
• পেশীৰ ক্ৰেম্প বা টান: ৰাতি ভৰিৰ ক্ৰেম্প বা হঠাতে পেশীৰ টানি ধৰাটো মেগনেছিয়ামৰ অভাৱৰ এটা সাধাৰণ লক্ষণ। এই খনিজ পেশীৰ গতিবিধিৰ বাবে প্ৰয়োজনীয়।
• দুৰ্বলতা বা ক্লান্তি: যদি আপুনি পৰ্যাপ্ত জিৰণি লোৱাৰ পিছতো দুৰ্বল বা ভাগৰুৱা অনুভৱ কৰে, তেন্তে ই মেগনেছিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে। কাৰণ শৰীৰত শক্তি উৎপাদনত মেগনেছিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
• হাত-ভৰি অৱশ হোৱা বা জিনজিননি: মেগনেছিয়ামৰ অভাৱত স্নায়ুৰ সঠিক সংকেত প্ৰদানত সমস্যা হ’ব পাৰে, যাৰ ফলত হাত-ভৰি অৱশ বা জিনজিননি অনুভৱ হ’ব পাৰে।
• মেজাজৰ পৰিৱৰ্তন: মেগনেছিয়ামে মগজুৰ ৰাসায়নিক পদাৰ্থ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই খনিজ পদাৰ্থৰ অভাৱ হ’লে উদ্বেগ, খিংখিঙীয়া বা হতাশাৰ সৃষ্টি হ’ব পাৰে।
• অনিয়মিত হৃদস্পন্দন: মেগনেছিয়ামৰ অভাৱে হৃদযন্ত্ৰৰ স্বাভাৱিক ছন্দত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত হৃদস্পন্দন অনিয়মিত হয়।
• ভোক কমি যোৱা: ভোক কমি যোৱা বা খাদ্যৰ প্ৰতি অনীহা হোৱাটো মেগনেছিয়ামৰ অভাৱৰ আন এটা লক্ষণ হ’ব পাৰে।