NEET-JEE স্থগিত ৰখাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত ৬ ৰাজ্যৰ আবেদন

নতুন দিল্লীত প্ৰতিবাদী কংগ্ৰেছীক আটক আৰক্ষীৰ

Supreme-Court-1024x512

NEET-JEE  কলৈ এতিয়া দেশত সৃষ্টি হৈছে চৰকাৰ আৰু বিৰোধীৰ মাজত এখন মহাযুদ্ধ।

ক’ৰ’ণাতংকৰ মাজত দেশত NEET-JEE  অনুষ্ঠিত কৰাটো মুঠেও সমীচিন নহ’ব বুলি বিৰোধী দল সমূহে কৈ অহাৰ সময়তে শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন এনডিএই যিকোনো মূল্যৰ বিনিময়ত হ’লেও পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কঁকালত টঙালি বান্ধিছে।

এনে সময়তে আজি দেশৰ অনা-বিজেপি শাসিত ছখন ৰাজ্যৰ ছগৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে NEET-JEE  স্থগিত ৰখাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন কৰে।

পশ্চিমবংগ,পাঞ্জাৱ,ৰাজস্থান,মহাৰাষ্ট্ৰ,চট্টিশগড় আৰু ঝাৰখণ্ডৰ কেবিনেট মন্ত্ৰী ছগৰাকীয়ে দাখিল কৰা আবেদন খনত কোৱা হৈছে যে ক’ৰ’ণাতংকৰ সময়ত NEET-JEE  অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰী সকলক বিপদৰ মুখলৈ ঠেলি দিয়া হ’ব।

পৰীক্ষা অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যজনিত সুৰক্ষা সুনিশ্চিত কৰিব পৰাকৈ চৰকাৰ সমূহে পৰ্যাপ্ত যাতায়াত তথা থকাৰ ব্যৱস্থা কৰাটোও টান হৈ পৰিব।

সেয়ে ছাত্ৰ-ছাত্ৰী সকলক বিপদৰ মাজলৈ ঠেলি নিদি NEET-JEE  অনুষ্ঠিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ১৭ আগষ্টত দিয়া ৰায়টো পুনৰ বিবেচনা কৰিবলৈ আবেদন খনত অনুৰোধ জনোৱা হৈছে।

আবেদনকাৰী কেবিনেট মন্ত্ৰী সকল হৈছে ক্ৰমে পশ্চিমবংগৰ আইন মন্ত্ৰী মলয় ঘটক,ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী ৰামেশ্বৰ ওৰাং,ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী ডাঃ ৰঘু শৰ্মা,চট্টিশগড়ৰ খাদ্য মন্ত্ৰী অমৰজিত ভগত,পাঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধু,মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰী উদয় আৰ সামন্ত।

ইপিনে আজি নতুন দিল্লীৰ শাস্ত্ৰী ভৱনত NEET-JEE  স্থগিত ৰখাৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰা কংগ্ৰেছৰ একাংশ নেতাক আৰক্ষীয়ে আটক কৰি মন্দিৰ মাৰ্গ থানালৈ লৈ যায়।

আটক কৰা সকলৰ ভিতৰত দিল্লী কংগ্ৰেছৰ সভাপতি অনিল কুমাৰো আছে।

উল্লেখযোগ্য যে, ছুইজাৰলেণ্ডৰ ১৭ বছৰীয়া পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গেও টুইটযোগে মহামাৰীৰ সময়ত ভাৰত চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা সিদ্ধান্তক সমালোচনা কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।