কাশ্মীৰত তিনিটা পৃথক সংৰ্ঘষত নিহত ৬ সন্ত্ৰাসবাদী; শ্বহীদ দুগৰাকী জোৱান

ijh-1558021608

প্ৰতিনিধিত্বমূলক ফটো।

জম্মু-কাশ্মীৰত বৃহস্পতিবাৰে তিনিটা স্থানত চলা দিনজোৰা সংঘৰ্ষত ৬জন সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াৰে ৪জন স্থানীয় আৰু দুজন পাকিস্তানী সন্ত্ৰাসবাদী।

এই সংঘৰ্ষত দুগৰাকী ভাৰতীয় জোৱানো শ্বহীদ হয়। শুকুৰবাৰে পুৱাও সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত উত্তপ্ত হৈ পৰিছে কুলগাম।

বাতৰি অনুসৰি, জম্মু-কাশ্মীৰৰ ৰজৌৰি ছেক্টৰ, পুলুৱামা আৰু কুলগামত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয়।

ইয়াৰ ভিতৰত ৰজৌৰিত নিয়ন্ত্ৰণ ৰেখাৰ কাষতে পাকিস্তানী সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰে ভাৰতীয় সেনা জোৱানে।

সেনাৰ সূত্ৰসমূহৰ মতে, সীমান্তত অনুপ্ৰৱেশৰ খৱৰ লাভ কৰি ভাৰতীয় সেনাই তালাচী অবিযান আৰম্ভ কৰাৰ সময়তে সন্ত্ৰাসবাদীৰ দলে অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰাৰ লগতে গ্ৰেনেডো দলিয়ায়।

ভাৰতীয় সেনাৰ দলটোৱেও প্ৰত্যুত্তৰ দিয়াৰ ফলত দুজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়। কিন্তু এই সংঘৰ্ষত দুগৰাকী ভাৰতীয় জোৱানো শ্বহীদ হয়।

শ্বহীদ ভাৰতীয় জোৱান দুগৰাকী হ’ল চুবেদাৰ শ্ৰীজিথ এম আৰু চিপাহী মাৰুপ্ৰলু যশৱন্ত ৰেড্ডী।

মৃত সন্ত্ৰাসবাদী দুজনৰ জিম্মাৰ পৰা দুটা এ কে-৪৭ ৰাইফল আৰু বহু গুলী-বাৰুদ উদ্ধাৰ কৰা হয়।

আনহাতে, কাশ্মীৰৰ পুলুৱামা আৰু কুলগামত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হয় ৪জন লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী।

কুলগ্ৰামত দুজন সন্ত্ৰাসবাদীয়ে মাৰুতিৰে আহি সন্ত্ৰাস সৃষ্টি কৰাৰ লক্ষ্য লৈছিল যদিও সেনাৰ এটা চেক প’ষ্টত তেওঁলোকক আটক কৰিবলৈ লওতে সন্ত্ৰাসবাদী দুজনে গুলী চলাবলৈ আৰম্ভ কৰে। প্ৰত্যুত্তৰত সেনাই চলোৱা গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী।

ইপিনে, পুলুৱামাত সোনাৰ এটা কনভয়ত বোমা দলিয়াই পলাবলৈ চেষ্টা কৰা দুই সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰে সেনাই।