NORTHEAST NOW (Assamese)

ক’ৰ’না আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ডিমা হাচাওৰ ছয় যুৱকৰ ৰিজাল্ট নিগেটিভ

April 14, 2020 11:25 am · পংকজ কুমাৰ দেৱ
প্ৰতিনিধিত্বমূলক ফটো

অসমীয়া নতুন বছৰৰ প্ৰথম দিনা ডিমা হাচাও জিলাবাসীৰ বাবে এটা ভাল খবৰ। কিয়নো ক’ৰ’না আক্ৰান্ত এগৰাকী লোকৰ সৈতে একেলগে ৰেইলত যাত্ৰা কৰা ছয়গৰাকী যুৱকৰ ক’ৰ’না পৰীক্ষাত নিগেটিভ আহিছে।

সোমবাৰে নিশা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক তথা বিষয়াই এই কথা জানিব দিয়ে।

উল্লেখ্য যে হাইলাকান্দিৰ ক’ৰ’না আক্ৰান্ত ফয়জুৰ হক বৰভূঁঞাৰ লগত ডিমা হাচাও জিলাৰ ছয়গৰাকী যুৱকে যোৱা ১৭ মাৰ্চত গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেইলৰ এটা ডবাতে ভ্ৰমণ কৰিছিল।

ইতিমধ্যে ফয়জুৰ হকৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে।  কিন্তু তেওঁৰ সংস্পৰ্শত অহা এই যুৱক কেইজনক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

ৰেইল কৰ্তৃপক্ষৰ পৰা যাত্ৰীসকলৰ বিবৰণ লাভ কৰাৰ পাছত অৰ্থাৎ ৯  এপ্ৰিলত ডিমা হাচাও জিলা প্ৰশাসনে এই ছয় যুৱকক হাফলঙত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছিল।

শেহতীয়াকৈ যুৱক কেইজন ক’ৰ’না মুক্ত বুলি জানিব পাৰি জিলাখনৰ সাধাৰণ ৰাইজে কিছু স্বস্তিৰ নিশ্বাস এৰিছে।

Related News