• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত ৩ মে’লৈকে ১৯ দিনৰ বাবে লকডাউন বৃদ্ধিৰ ঘোষণা প্ৰধান মন্ত্ৰী মোদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 10:31 am
Untitled-3-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত অহা ৩ মে’লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অহা ৩ মে’লৈকে দেশৰ জনসাধাৰণে লকডাউনৰ নিয়ম পালন কৰিব লাগিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ বজাত দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত এই কথা ঘোষণা কৰে।

Apply Now

তেওঁ কয় যে ৰাজ্যসমূহৰ লকডাউন বৃদ্ধি কৰাৰ পৰামৰ্শ গ্ৰহণ কৰি এই সিদ্ধান্ত ঘোষণা কৰা হৈছে।

অহা ২০ এপ্ৰিললৈকে ৰাজ্যসমূহৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব।

লকডাউনৰ সময়ছোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলিও প্ৰধান মন্ত্ৰীয়ে স্পষ্টি কৰি দিয়ে।

তদুপৰি, লকডাউনৰ বিস্তৃত নীতি-নিৰ্দেশনা কাইলৈ জাৰি কৰা হ’ব বুলিও সদৰী কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

যোৱা ২৪ মাৰ্চত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ আজি সামৰণি পৰিব।

প্ৰধান মন্ত্ৰীয়ে কয়,’’অহা ২০ এপ্ৰিললৈকে সকলো জিলা, অঞ্চল, ৰাজ্যসমূহত তেওঁলোকে নিয়মসমূহ কিমান কঠোৰভাৱে ৰূপায়ন কৰিছে সেয়া সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব।  যিবিলাক ৰাজ্যত হটস্পট বৃদ্ধি নহয়, তাত তেওঁলোকক কিছুমান কাৰ্যকলাপ আৰম্ভ কৰিবলৈ অনুমতি দিয়া হ’ব যদিও কিছু চৰ্ত থাকিব।‘’

তেওঁ লগতে কয় যে ২০ এপ্ৰিলৰ পাছত কিছু শিথিল কৰাৰ অনুমতি দিয়া হ’ব পাৰে যিবিলাক স্থানত হটস্পট পোৱা নাযায়।

‘’নতুন হটস্পটে এক নতুন সংকটৰ সৃষ্টি কৰিব,‘’ –প্ৰধান মন্ত্ৰীয়ে কয়।

প্ৰধান মন্ত্ৰীয়ে কয় যে দেশখনে  লকডাউন আৰু সামাজিক দূৰত্ব ৰক্ষাৰ বাবে কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ  কিছু পৰিমানে সক্ষম হৈছে।

‘’সামাজিক দূৰত্ব বজাই ৰখা আৰু লকডাউনে ভাৰতক বৃহৎ উপকৃত কৰিছে,’’-তেওঁ কয়।

প্ৰধান মন্ত্ৰী মোদীয়ে ২১ দিনীয়া লকডাউনৰ সময়ত সমস্যাৰ সন্মুখীন হোৱা জনসাধাৰণে লকডাউন পালন কৰাৰ বাবে ধন্যবাদ জনায়।

প্ৰধান মন্ত্ৰীয়ে লকডাউনৰ ফলত ক্ষতি হোৱা অৰ্থনীতিৰ কথা উল্লেখ কৰি দেশৰ বাবে মানুহৰ জীৱন বচোৱাটোৱে প্ৰাথমিকতা বুলিও ব্যক্ত কৰে।

সমগ্ৰ বিশ্বতে মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ফলত বৰ্তমানলৈকে বিশ্বত এই মহামাৰীৰ ফলত ১৯,২০,৬১৮জন লোক আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা এতিয়ালৈ ১,১৯,৬৬৬জন হৈছে।

ভাৰতত এতিয়ালৈ ১০,৩৬৩জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ৩৩৯জন লোকৰ মৃত্যু ঘটিছে।

অসমত মঙলবাৰে আন এগৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ অহাৰ পাছত ৰাজ্যত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩১জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত এতিয়ালৈ এজন লোকে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

উল্লেখযোগ্য যে যোৱা ২৪ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল।

এই সময়ছোৱাত অসমত শুকুৰবাৰলৈকে ১২৭২টা লকডাউন উলংঘনৰ ঘটনা সংঘটিত হৈছে আৰু ১৩৫৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লকডাউনৰ সময়চোৱাত মুঠ ৮৫৩৩খন যান-বাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুচকীয়া ৭৮১৬, তিনিচকীয়া ৭৭, চাৰিচকীয়া ৬৩২, ট্ৰাক পাঁচ, ট্ৰেক্তৰ দুই আৰু ট্ৰেইলাৰ এখন।

এই সময়চোৱাত ১২খন দেশী নাও আৰু পাঁচখন মেচিন নাঁৱো জব্দ কৰা হৈছে।

লকডাউনৰ সময়চোৱাত মুঠ ৬৬৪টা গোচৰ ৰুজু হৈছে। জৰিমনা আদায় কৰা হৈছে ২৯,৪২,৩০০ টকা।

আনহাতে, এই সময়চোৱাত ক’ভিড-১৯ সন্দৰ্ভত চ’চিয়েল মিডিয়াত ভুৱা বাতৰি বিয়পোৱাৰ বাবে ৬০টা গোচৰ ৰুজু কৰা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd