শিৱসাগৰ আৰক্ষীৰ জালত আলফাৰ নামত ধনদাবী কৰা ছয় যুৱক

Screenshot_20200902-161451_WhatsApp

আলফাৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিছে শিৱসাগৰৰ ছয় যুৱক।

শিৱসাগৰৰ বিভিন্ন ব্যৱসায়ীক আলফাৰ নামত ধন দাবী কৰি অহা ছয়টাকৈ ভুৱা আলফাক মংগলবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

দীৰ্ঘদিন ধৰি শিৱসাগৰ এই দলটোৱে একাংশ ব্যৱসায়ীক ধনদাবী কৰি অহাৰ খবৰ লাভ কৰাত শিৱসাগৰ আৰক্ষীয়ে এক অভিযান চলাই আলফাৰ নামত ধন দাবী কৰি অহা ছয়জন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অভিযান কালত আলফাৰ পেড, এটা লেপটপ, এটা প্ৰিন্টাৰ, সাতটা মোবাইলফোন,  দুটা পেন ড্ৰাইভ আৰু এখন স্কুটি উদ্ধাৰ কৰে। ইয়াৰোপৰি শিৱসাগৰৰ চাৰিজন ব্যক্তিৰ নামত চাৰিখন ধনদাবী পত্ৰ উদ্ধাৰ কৰে।

ধৃত যুৱককেইজন হল শিৱসাগৰৰ কোঁৱৰপুৰৰ মানৱজ্যোতি মহন্ত, ভটিয়াপাৰৰ অমূল্য চাংমাই ওৰফে গুডু, মাধুৰ্য চেতিয়া ওৰফে ডন, কৌস্তৱ চেতিয়া, অৰ্জুন ভৰালী আৰু দিপাংকৰ দাস বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই।

ইয়াৰে ভিতৰত মানৱজ্যোতি মহন্তনামৰ যুৱকজনে সম্পূৰ্ণ পৰিকল্পনা কৰিছিল আৰু তেওঁক সহায় কৰিছিল দিপাংকৰ দাস নামৰ যুৱক জনে।

দীৰ্ঘ দিন ধৰি শিৱসাগৰৰ বিভিন্ন ব্যৱসায়ীক এই দলটোৱে আলফাৰ নামত ধনদাবী কৰি আহিছি।