আজি মোদী চৰকাৰ আৰু কৃষকৰ মাজত পুনৰ আলোচনা, ‘নিজৰ স্থিতত অটল কৃষক’

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইন কেইখন বাতিলৰ দাবীত দিল্লীৰ সীমান্তত অব্যাহত আছে কৃষকসকলৰ প্ৰতিবাদ।

কৃষক বিক্ষোভৰ অন্ত পেলাবলৈ চৰকাৰে বিভিন্ন প্ৰয়াস চলাই আছে যদিও প্ৰতিবাদী কৃষকসকল নিজৰ সিদ্ধান্তত এতিয়াও অলৰ-অচৰ আছে।

এই বিষয়টো সমাধানৰ বাবে কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ইতিমধ্যে পাঁচবাৰকৈ আলোচনা হৈছে। আৰু প্ৰতিবাৰেই আলোচনা বিফল।

ইয়াৰ মাজতে আজি পুনৰ এবাৰ অৰ্থাৎ ষষ্ঠ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ প্ৰতিনিধি।

উল্লেখ্য যে বিষয়টো আলোচনাৰ মাজেৰেই নিষ্পত্তি হ’ব বুলি কৃষকসকলক বাৰম্বাৰ চৰকাৰে কৈ আহিছিল আৰু সেই মৰ্মে আজি পুনৰ এবাৰ সমাধান উলিওৱাৰ আশাৰে কৃষক নেতাসকল মিলিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ লগত।

আজিৰ বৈঠকত অংশ ল’বলগীয়া কৃষক নেতা হৰিন্দৰ সিং লাখোৱালে কয়, ‘সকলো কৃষকে বিচাৰে যে চৰকাৰে তিনিওখন আইন বাতিল কৰক যাতে আন্দোলন শেষ হয়’।

তেওঁ লগতে এই তিনিখন আইন কৃষকৰ হিতৰ বাবে নহয় বুলি মন্তব্য কৰি কয়, ‘আমি চৰকাৰৰ সৈতে চাৰিটা বিষয়ত আলোচনা কৰিম আৰু আমি আশা কৰো আলোচনাৰ মাজেৰে বিষয়টোৰ সমাধান সূত্র ওলাব’।

কৃষকে চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখিত চৰ্ত চাৰিটা হৈছে

১. নতুন কৃষি আইন প্রত্যাহাৰৰ কার্য ব্যৱস্থা সম্পর্কে আলোচনা

২. সকলো কৃষক আৰু কৃষিজাত সামগ্রীৰ ক্ষেত্রত ৰাষ্ট্রীয় কৃষি আয়োগে দিয়া পৰামর্শ কার্যকৰী কৰা

৩. ৰাষ্ট্রীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰ অঞ্চলবোৰত বায়ুৰ মান নিয়ন্ত্রণৰ বাবে আয়োগে জাৰি কৰা অধ্যাদেশত থকা শাস্তিৰ আওতাৰ পৰা কৃষকসকলক ৰেহাই দিয়া

৪. কৃষকৰ হিতৰ বাবে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০ বাতিল কৰক