NORTHEAST NOW (Assamese)

শিৱসাগৰৰ নামতিত অধ্যাপিকাৰ বেংক একাউণ্টৰ পৰা হেকাৰে লুটিলে ৬০,০০০ টকা

November 7, 2019 7:57 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: November 7, 2019 10:17 pm

শিৱসাগৰৰ নামতিৰ অধ্যাপিকাৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে ষাঠি হাজাৰ টকা। ঘটনাটো সংঘটিত হয় নামতি চাৰিআলিৰ চেপাঙনি SBI শাখাত।

নামতিৰ চহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা মৌচুমী ৰেখা খাউণ্ডৰ বেংক একাউণ্ট হেক কৰি দূৰ্বিত্তই ৬০,০০০ টকা লুট কৰে।

বুধবাৰে দিনত অধ্যাপিকা গৰাকীৰ একাউণ্টৰ পৰা ১০,০০০ টকাকৈ দুবাৰ ধন ওলাই যোৱাৰ মেচেজ পায়। লগে লগে তেওঁ টোল ফ্ৰী নাম্বাৰত ফোন কৰি ATM ব্লক কৰি দিয়ে আৰু শাখা পৰিচালক গৰাকীক অভিযোগ দিয়ে।

পিছত তেওঁ জানিব পাৰে যে তেওঁৰ একাউণ্টৰ পৰা ইয়াৰ পূৰ্বেও ২০০০০ টকাকৈ দুবাৰ উলিয়াই নিয়া হৈছে।

অধ্যাপিকা গৰাকীৰ অভিযোগৰ ভিত্তিত প্রবন্ধক অজয় প্রতাপ যাদৱে একাউণ্টৰ পৰা পুনৰ ধন কর্তন নোহোৱাৰ আশ্বাস আৰু উক্ত ধন শীঘ্রই ঘূৰাই দিয়াৰ প্রতিশ্রুতি দি ঘটনা সন্দর্ভত আৰক্ষীৰ কাষ নাচাপিবলৈ অনুৰোধ জনায়।

কিন্তু পুনৰ নিশা একাউণ্টৰ পৰা ধন ওলাই যোৱাৰ মেছেজ পাই চিন্তিত হৈ পৰে অধ্যাপিকা গৰাকী।  ফলত আজি তেওঁ আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰে।

ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথ আৰু শিক্ষক গোট একত্ৰিত হৈ শাখা প্ৰৱন্ধকক অৱগত কৰি হেৰোৱা টকা উদ্ধাৰ আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে দাবী জনায়।

Related News