• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাঞ্চল্য! বন্ধ কোঠালিত প্লাষ্টিকৰ ড্ৰামৰ ভিতৰত উদ্ধাৰ চিমেণ্টেৰে ঢকা নৰকংকাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2023 9:02 pm
Skeleton tumbles out of sealed plastic drum
28.7k
VIEWS
Share on FacebookShare on Twitter

দুবছৰ ধৰি বন্ধ হৈ থকা এটা ফ্লেট। মঙলবাৰে ফ্লেটটোত চলোৱা হৈছিল চাফাই আৰু মেৰামতিৰ কাম। তেনে সময়তে ফ্লেটটোত থকা এটা প্লাষ্টিকৰ ড্ৰামত উদ্ধাৰ হয় চিমেণ্ট সানি ঢাকি থোৱা এটা নৰকংকাল। এই চাঞ্চল্যকৰ ঘটনা ঘটিছে কলকাতাৰ বাগুয়াটিত।

চাৰি মহলীয়া অট্টালিকাটোৰ ওপৰৰ মহলাত থকা এই ফ্লেটটো ২০১৮ চনত এহাল নেপালী দম্পতীয়ে পাঁচ বছৰৰ বাবে ভাড়াত লৈছিল। দুবছৰ পূৰ্বে ভাড়াতীয়া দম্পতীহালে ফ্লেটটোত তলা মাৰি গুচি গৈছিল যদিও নিয়মিত ভাড়া দি আছিল।

কিন্তু বিগত ছমাহ ধৰি ঘৰৰ মালিকে ভাড়াৰ ধন লাভ নকৰাত তলা ভাঙি ফ্লেটটো চাফা কৰি নতুনকৈ ভাড়াত দিয়াৰ সিদ্ধান্ত লয়। তেতিয়াই বন্ধ কোঠালিটোৰ ভিতৰত উদ্ধাৰ হয় এই নৰকংকালটো।

বিল্ডিঙৰ স্বত্বাধিকাৰী গোপাল মুখাৰ্জী নামৰ ব্যক্তিগৰাকীয়ে এই সন্দৰ্ভত দিয়া ভাষ্যমতে, উক্ত ফ্লেটটোত ভাড়াত থকা দম্পতীহালৰ বয়স আছিল আনুমানিক ৩০ বছৰ। ক’ভিডৰ সময়তো তেওঁলোক ফ্লেটটোত বাস কৰিছিল যদিও ২০২১ চনত নেপাললৈ গুচি যায়।

প্ৰকাশিত খবৰ অনুসৰি, উদ্ধাৰ হোৱা কংকালটোৰ এহাতত এডাল খাৰু সদৃশ গহণাৰ লগতে নাইটড্ৰেছৰ দৰে পোছাকৰ অৱশিষ্ট দেহত দেখিবলৈ পোৱা গৈছে। অৱশ্যে নৰকংকালটো পুৰুষ নে মহিলাৰ সেয়া আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই।

অট্টালিকাটোৰ গৰাকী গোপাল মুখাৰ্জীয়ে উল্লেখ কৰা মতে, দম্পতীহালে কেইমাহমানৰ বাবে ঘৰলৈ যাম বুলি কৈছিল যদিও সোনকালে ঘূৰি আহিব বুলি তথা এই সময়ছোৱাত ভাড়া দি থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰথম অৱস্থাত সময়মতে ধন পৰিশোধ কৰিছিল দম্পতীহালে।

কিন্তু বিগত বৰ্ষৰ পৰা ধন আদায় দিয়াও পলম কৰিছিল দম্পতীহালে। এই ধন পৰিশোধৰ বাবে মুখাৰ্জীয়ে আহ্বান জনোৱাত দম্পতীহালে ফোনযোগে আৰ্থিক অসুবিধাত পৰা বুলি উল্লেখ কৰাৰ লগতে দুমাহৰ পূৰ্বে পুনৰ ফোনযোগেই ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু তাৰ পিছতো ধন লাভ নকৰাত মুখাৰ্জীয়ে ফ্লেটটো আকৌ ভাড়াত দিয়াৰ সিদ্ধান্ত লয় আৰু দুগৰাকী লোকক ফ্লেটটোৰ চাফাই আৰু মেৰামতিৰ বাবে নিয়োগ কৰে। মঙলবাৰে শ্ৰমিক দুগৰাকীয়ে শৌচাগাৰত দেখিবলৈ পায় এটা নীলা ৰঙৰ প্লাষ্টিকৰ পানীৰ ড্ৰাম।

এই ড্ৰামটো আঁতৰাবলৈ চেষ্টা চলাওঁতে তেওঁলোকে ড্ৰামটো চিমেণ্টেৰে বন্ধ কৰি থোৱা দেখিবলৈ পায়। চিমেণ্টৰ আৱৰণ ভাঙি থাকোঁতেই তেওঁলোকে এক দুৰ্গন্ধ পায় আৰু তাৰ পিছতে ড্ৰামটোৰ ভিতৰত এটা মৃতদেহৰ কংকালৰ অৱশিষ্ট উদ্ধাৰ কৰে।

লগে লগে তেওঁলোকে ঘৰৰ গৰাকী মুখাৰ্জীক এই বিষয়ে অৱগত কৰে আৰু তেওঁ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে কংকালটো উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মুখাৰ্জীয়ে ভাড়াতীয়া দম্পতীহালৰ কোনো ফটো দিব পৰা নাছিল আৰু তেওঁলোকৰ নামো মনত পেলাব পৰা নাছিল।

তেওঁ আৰক্ষীক এটা ফোন নম্বৰ দিয়ে যদিও উক্ত নম্বৰটোত যোগাযোগৰ চেষ্টা কৰি সেৱা বন্ধ পায় আৰক্ষীয়ে। অৱশ্যে ভাড়াতীয়াৰ সৈতে কৰা চুক্তিপত্ৰ তেওঁৰ হাতত থকা বুলি জানিবলৈ দিছে ঘৰৰ গৰাকী মুখাৰ্জীয়ে। এই চুক্তিপত্ৰ লাভ কৰিলেহে দম্পতীহালৰ পৰিচয় লাভ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আনহাতে কংকালটোৰ পোছাকৰ অৱশিষ্ট আৰু হাতৰ গহণালৈ লক্ষ্য কৰি মৃতদেহটো মহিলাৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে লিংগ আৰু লগতে মৃত্যুৰ সময় তথা কাৰণ চিনাক্ত কৰিব পৰা হ’ব বুলি সদৰী কৰিছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd