ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ উত্থানত ২৫ বছৰীয়া চামলিং চৰকাৰৰ বিদায়

ছিকিমত অৱসান ঘটিল ২৫ বছৰীয়া পৱন চামলিং চৰকাৰৰ। দেশৰ সাধাৰাণ নিৰ্বাচনৰ সমান্তৰালভাৱে ঘোষণা হোৱা ছিকিম বিধানসভা নিৰ্বাচনৰ ফলাফলত পৱন কুমাৰ চামলিঙৰ ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ)ক পৰাস্ত কৰি ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এছ কে এম)এ প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ পথ নিশ্চিত কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ উক্ত নিৰ্বাচনত পি এছ গোলে’ৰ নেতৃত্বাধীন এছ কে এম দলে ছিকিম বিধানসভাৰ ৩২খন আসনৰ ১৭খন আসন লাভ কৰাৰ বিপৰীতে এছ ডি এফে লাভ কৰে ১৫খন আসন।

উল্লেখযোগ্য যে পৱন কুমাৰ চামলিং দেশৰ ভিতৰতে সৰ্বাধিক কালৰ বাবে মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। পশ্চিম বংগৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জ্যোতি বসুতকৈ তেওঁ অধিক দিনৰ মুখ্য পদত থকা ভাৰতৰ একমাত্ৰ নেতা।

২০১৪ চনৰ বিধানসভা নিৰ্বাচনত ১০আসন লাভ কৰা এছ কে এম দলৰ ৭ গৰাকীকৈ বিধায়কে পিছত চামলিঙৰ এছ ডি এফ দলত যোগদান কৰিছিল।

ছিকিমত লোকসভা নিৰ্বাচনৰ লগত একেলগে এটা পৰ্য্যায়ত ১১ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।

আনহাতে বিধানসভা নিৰ্বাচনৰ উপৰি লোকসভা নিৰ্বাচনটো ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৰাজ্যখনৰ একমাত্ৰ লোকসভা সমষ্টিটো নিজৰ দখললৈ আনে। এছ কে এমৰ ইন্দ্ৰ হেং ছুব্বাই তেওঁৰ নিকত প্ৰতিদ্বন্দ্বী এছ ডি এফৰ ডি বি কটৱালক ১২০০০টো ভোটত পৰাস্ত কৰে।