মালিগাঁৱত অঘটন: নিৰ্মাণাধীন উৰণীয়া সেঁতুৰ লোৰ শ্বেব পৰি দুগৰাকী আহত
গুৱাহাটীৰ মালিগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। মালিগাঁৱত নিৰ্মাণাধীন উৰণীয়া সেঁতুৰ পৰা খহি পৰা লোৰ শ্লেবৰ আঘাতত দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়।
প্ৰকাশিত খবৰ অনুসৰি, নিৰ্মাণৰত উৰণীয়া সেতু প্ৰকল্পৰ তলেৰে যাত্ৰা কৰাৰ সময়তে যুৱক দুগৰাকীৰ গাত ওপৰৰ লোহাৰ শ্লেবখন বাগৰি পৰে।
জানিব পৰা মতে, এই ঘটনাৰ পৰিণতিত এখন বাহনৰো কিছু ক্ষতিসাধন হয়। দুৰ্ঘটনাৰ পিছতে আহত যুৱক দুগৰাকীক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আহত যুৱক দুগৰাকীৰে এগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, নিৰ্মাণৰত উৰণীয়া সেঁতুৰ স্থানত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত নিৰাপত্তা ব্যৱস্থাক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।
এতিয়া আজিৰ ঘটনাৰ পিছত চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ’ব।