ৰোগৰ সম্পৰ্কে মানুহৰ ওপৰত যিমানখিনি গৱেষণা কৰা হৈছে তাৰ পৰা এটা কথা অতি স্পষ্ট। মানুহে যিমান কম টোপনি মাৰে সিমানেই আয়ুস কম হয়।
গতিকে যদি আপুনি বৃদ্ধ বয়সলৈকে জীয়াই থাকিব বিচাৰে তেন্তে শৰীৰটো সুস্থ কৰি ৰাখক আৰু ৰাতি ভালদৰে শোৱক। টোপনি অতি সাৰ্বজনীন। ই সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্যসেৱা ব্যৱস্থা।
টোপনিৰ উপকাৰিতা সীমাহীন। টোপনিৰ অভাৱে শৰীৰ আৰু মনৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়। অৱশ্যে টোপনিৰ সুফল পাবলৈ হ’লে প্ৰাকৃতিক টোপনি হ’ব লাগিব। কাৰণ টোপনিৰ ঔষধে কেন্সাৰ, সংক্ৰমণ বা অন্যান্য বিপদৰ সৃষ্টি কৰিব পাৰে।
যেতিয়া আমি টোপনিত নাথাকো, বা কম টোপনিত থাকো তেতিয়া শৰীৰ আৰু মনৰ ওপৰত প্ৰভাৱ পৰে। বহু ৰোগৰ লগত অনিদ্ৰাৰ গুৰুতৰ বা মধ্যমীয়া সম্পৰ্ক আছে। যেনে এলঝেইমাৰ, কেন্সাৰ, হৃদৰোগ, মেদবহুলতা, ডায়েবেটিছ, হতাশা, উদ্বেগ বা আনকি আত্মহত্যাও।
আপোনাৰ শৰীৰৰ সকলো ব্যৱস্থা, বা আপোনাৰ মগজুৰ নেটৱৰ্ক বা কাৰ্য্যই টোপনিৰ সময়ত জিৰণি লয়। যেতিয়া আপুনি পৰ্যাপ্ত টোপনি নাযায় তেতিয়া ইহঁতৰ কাম-কাজত ব্যাঘাত জন্মে।
গৱেষণ সকলে কয় যে দিনটোত সাতৰ পৰা ন ঘণ্টা শুব লাগে। যদি আপুনি সাত ঘণ্টাতকৈ কম টোপনি মাৰিছে তেন্তে ইয়াৰ প্ৰভাৱ আপোনাৰ মগজু আৰু শৰীৰত পৰিব পাৰে। টোপনিৰ অভাৱৰ ফলত আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি কমিবলৈ আৰম্ভ কৰে।