NORTHEAST NOW (Assamese)

ৰাতি পলমকৈ শোৱে? জানক আপোনাৰ হ’বলগা শাৰিৰীক সমস্যাসমূহ

February 19, 2021 4:38 pm · এন ই নাও নিউজ
Updated: February 19, 2021 4:39 pm

ৰাতি দেৰিলৈকে নুশোৱাকৈ থাকে নেকি? তেনেহ’লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে!

আমেৰিকাৰ পৰা প্ৰকাশিত ‘শ্লীপ মেডিচিন’ নামৰ এখন চিকিৎসা আলোচনীয়ে প্ৰকাশ কৰা এক সমীক্ষামতে যিসকলে ৰাতি ১০ বজাৰ পাছত বিচনালৈ যায়, তেওঁলোকক বিভিন্ন ধৰণৰ শাৰিৰীক অসুবিধাই দেখা দিব পাৰে আক্ৰমণ কৰিব পাৰে।

মাৰাত্মক এই শাৰিৰীক অসুবিধাসমূহৰ ভিতৰত কাৰ্ডিঅ’ভাস্কুলাৰ ডিচিড, হাৰ্ট ষ্ট্ৰ’ক, হাৰ্ট ফেইলাৰেই প্ৰধান।

২১খন দেশৰ ১,১২,১৯৮ জন লোকৰ ওপৰত চলোৱা সমীক্ষাটোত দহ বজাৰ পাছত শোৱা লোকসকলৰ বাবে এই শাৰিৰীক অসুবিধাসমূহৰ সম্ভাৱনাৰ হাৰ ১০ শতাংশ হোৱাৰ বিপৰীতে দহ বজাৰ আগত শোৱাসকলৰ হাৰ ৯ শতাংশ।

সমীক্ষাটোত প্ৰকাশ পায় যে চীনৰ দৰে উন্নয়নশীল দেশসমূহৰ লোকসকলে দহ বজাৰ পূৰ্বেই শোৱে, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ-কানাডা আৰু মধ্যপ্ৰাচ্যৰ উন্নত দেশসমূহৰ লোকসকলে দহ বজাৰ পাছত বিচনালৈ যায়।

২৩জন চিকিৎসাবিজ্ঞানীৰে গঠিত সমীক্ষাৰ গৱেষণাটোত তিনিজন ভাৰতীয় বৈজ্ঞানিকো জড়িত আছে। তেওঁলোকৰ নামসূহ ক্ৰমে- ডাঃ ভি. মোহন, ডাঃ খালিদ এফ. আলহাবিব, ডাঃ বিজু সোণম।

Related News